WATCH | Poor conditions of roads : টীয়কৰ মাজগাঁও কাৱৈমাৰী সংযোগী পথৰ দুৰৱস্থা
টীয়ক,১৮জুন : টীয়কৰ মাজগাঁও কাৱৈমাৰী সংযোগী পথৰ দুৰৱস্থা চৰকাৰৰ উন্নয়নৰ নমুনা
টীয়কৰ অন্যতম সদাব্যস্ত গড়কাপ্তানী পথ টীয়ক মাজগাঁও কাৱৈমাৰী সংযোগী পথৰ দুৰৱস্থাই এতিয়া জলাকলা খুৱাইছে সাধাৰণত জনতাক।
উল্লেখ যোগ্য যে, প্ৰায় ৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ উক্ত পথছোৱা মেৰামতিৰ বাবে আজিৰ পৰা প্ৰায় তিনিটা বছৰৰ আগতে বিভাগে আবন্তন দিছিল যদিও আৱন্টিত ঠিকাদাৰে পথটোৰ নূন্যতম কাম কৰিয়েই ৰহস্যজনকভাৱে পথ মেৰামতিৰ কাম সামৰিলে(Poor conditions of roads)।
ইপিনে বিগত সময়চোৱাত উক্ত পথৰ স্থানীয় বাসিন্দাই বহুবাৰ উৰ্ধতম কৰ্তৃপক্ষক পথছোৱা মেৰামতিৰ বাবে আহ্বান জনাই আহিছে যদিও পথছোৱা সম্পূৰ্ণ নহ’ল আজি পৰ্যন্ত।
যাৰ ফলত পথটোত অধিকাংশ স্থানতে ঠায়ে ঠায়ে সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত,স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে পথাচাৰী অহা-যোৱাত যথেষ্ট অসুবিধাত পৰিছে। ৰাইজৰ দাবী কিছুদিনৰ পূৰ্বে টেম্পুত অলপ শিলগুটি আনি ঠায়ে ঠায়ে চটিয়াই ধুমুচ মাৰি দায় সৰাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে। সেয়ে এই বাৰিষাৰ আৰম্ভণিতে পথটো যাতে মেৰামতি কৰি ৰাইজক উপকৃত কৰে তাৰ সু ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক দাবী জনাইছে এইসকল ৰাইজে।
লগতে পঢ়ক : WATCH | Tragic incident : মেৰেৰচৰ আৰক্ষী থানাত চীফ লৈ আত্মহত্যা আৰক্ষীৰ