WATCH | Poor conditions of roads:চৰাইদেউৰ ঐতিহাসিক ধোদৰআলি পথৰ দুৰৱস্থা
সোণাৰি,৪জুন : চৰাইদেউৰ ঐতিহাসিক ধোদৰআলি পথৰ দুৰৱস্থা। জিলাখনৰ গুৰুত্বপূৰ্ণ পথটোত সৃষ্টি হৈছে বৃহৎ গাঁতৰ। যাতায়াতত যমৰ যাতনা ভুগিছে চৰাইদেউবাসীয়ে।
লোক নিৰ্মান বিভাগে দীৰ্ঘদিন ধৰি পথটো উপযুক্ত ভাৱে মেৰামতি নকৰাৰ ফলত সম্প্ৰতি ইয়াৰ বিভিন্ন ঠাইত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈ যাতায়তৰ অনুপযোগী হৈ পৰা পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে, শিৱসাগৰ জিলাৰ নাজিৰাৰ পৰা চৰাইদেউ জিলা হৈ ডিব্ৰুগড় জিলাৰ নামৰূপত প্ৰৱেশ কৰা পথটোৱেদি দৈনিক হাজাৰ হাজাৰ যাত্ৰীবাহি বাহন আৰু সামগ্ৰী কঢ়িয়াই নিয়া বাহন যাতায়াত কৰে(Poor conditions of roads)।
ইয়াৰ উপৰিও নাগালেণ্ডৰ মন জিলা আৰু অৰুণাচলৰ লংডিং জিলাৰ যান বাহন সমূহ এই পথটোৱেদি অহা যোৱা কৰে। ৰাজ্যিক লোকনিৰ্মান বিভাগৰ অধীনত থকা পথটোৰ জৰাজীৰ্ণ ৰূপে সম্প্ৰতি ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজ আৰু দল সংগঠন সমূহক।