WATCH | Poor conditions of roads: বকোৰ ১নং জামবাৰীত স্থানীয় ৰাইজৰ প্ৰতিবাদ

বকো,১মে’ : বকোৰ ১নং জামবাৰীত স্থানীয় ৰাইজৰ প্ৰতিবাদ। যাতায়তৰ নামত জমৰ জাতনা ভুগিছে ৰাইজে ৷ পথ নহয় যে পুখুৰীহে ৷ পথৰ দুৰৱস্থাই যমৰ যাতনা ভোগাইছে পথচাৰী আৰু ছাত্ৰ-ছাত্ৰীক।
দেশত ডৱল ইঞ্জিনযুক্ত চৰকাৰৰ উন্নয়ণ ধোঁৱাচাঙত উঠাই থোৱা দৃশ্য প্ৰত্যক্ষ কৰিবলৈ আহক কামৰূপ জিলাৰ নৱ গঠিত ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ১নং জামবাৰীলৈ।
হয় পূৰ্বৰ সমষ্টি আছিলে ছয়গাঁও আৰু এতিয়া বৰ্তমানৰ সমষ্টি হৈছে ছমৰীয়া।
ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ১৪ নং উত্তৰ পূব বনগাঁও গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত ১নং জামবাৰী কেইবাটাও পথৰ সুচনিয় অৱস্থা ,পথ নহয় যেন পুখুৰী হে, যাতায়তৰ নামত ভুগিছে ৰাইজে জমৰ জাতনা(Poor conditions of roads)।
স্থানীয় বিধায়ক ৰেকিবুদ্দীন আহমেদ তথা স্থানীয় পঞ্চায়তৰ প্ৰতিনিধি ওপৰত খোভ স্থানীয় ৰাইজৰ লগতে অহা পঞ্চায়ত নিৰ্বাচনত পতিউত্তৰ দিয়াৰ হুংকাৰ ৰাইজৰ।
আনহাতে স্থানীয় যুৱক সকলৰ প্ৰশংসনীয় পদক্ষেপ। কোনো ধৰণৰ চৰকাৰী আঁচনি ধুকি নোপোৱা কাম নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে চাৰিটাকৈ পথ ।।
জামবাৰী উদ্যোগ গেটৰ পৰা ১নং জামবাৰী চ’কলৈ যোৱা প্ৰায় ৪০০ মিটাৰ পথ , ১নং জামবাৰী মছজিদৰ পৰা যোৱা প্ৰায় ২০০ মিটাৰ পথ , খৰখৰী দলংৰ পৰা মাউগাটাৰীলৈ যোৱা প্ৰায় ৩০০ মিটাৰ পথটো মেৰামতি কৰে স্থানীয় যুৱকসকলে।
লগতে পঢ়ক : WATCH | Sonapur News : সোণাপুৰত উপস্থিত কংগ্ৰেছ নেতা জীতেন্দ্ৰ কুমাৰ সিং