WATCH | Poor conditions of roads: বাক্সাৰ মধুপুৰ-মইনাগুৰিত পথ নিৰ্মাণত নামিল গঞা ৰাইজ
মুছলপুৰ,৪এপ্ৰিল : বাক্সাৰ মধুপুৰ-মইনাগুৰিত পথ নিৰ্মাণত নামিল গঞা ৰাইজ । SSB ৰ সহযোগত হাতে-হাতে কোৰ-বেলচা লৈ পথ নিৰ্মাণ কাৰ্যত জনতা ।
বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তবৰ্তী অঞ্চল মধুপুৰ-মইনাগুৰিত পথৰ দুৰৱস্থাই জলা-কলা খুৱাইছে পথচাৰীক । কোনো জনপ্ৰতিনিধিৰ সু-দৃষ্টি পৰা নাই অঞ্চলটোত ।
যাৰ পৰিণতিত আজি ৰাইজ ওলাই আহি অঞ্চলটোৰ SSB জোৱান সকলৰ সৈতে মিলি পথৰ মেৰামতিৰ কাম কৰে । বাৰিষা কালত জমৰ যাতনা ভুগিবলগীয়া হয় এই পথচোৱাত । বিটিচিৰ দিহিৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ ঘনশ্যাম দাস আৰু চাপাগুৰি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মক লৈ নাৰাজ অঞ্চলটোৰ জনতা ।
নিৰ্বাচনৰ পিছত এবাৰো দেখা নোপোৱাৰ অভিযোগ । ইফালে SSB য়েও ৰাস্তাটো নিৰ্মাণ কৰি দিবলৈ চৰকাৰক অনুৰোধ জনায়(Poor conditions of roads)।
লগতে পঢ়ক : WATCH | Bokajan News : প্ৰাক্তন সেনা জোৱানৰ পৰা উদ্ধা পইণ্ট টু টু পিষ্টল