poor conditions of roads : বেছিমাৰী- দৈপাম সংযোগী গড়কাপ্তানী পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগিছে স্থানীয় ৰাইজে

দলগাঁও,২৫মাৰ্চ : ৰাজ্য চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ন হোৱা বুলি সততে দাবী কৰি অহাৰ সময়তে এটা বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে বেছিমাৰী- দৈপাম সংযোগী পথৰ সহস্ৰাধিক ৰাইজক (Poor Road condition in Tinsukia) ৷
এই বিধ্বস্ত পথেৰে বিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজে যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে ৷ অঞ্চলটোৰ ৰাইজে জনপ্ৰতিনিধিক বাৰম্বাৰ বিধ্বস্ত পথটো মেৰামতি কৰিবৰ বাবে দাবী জনাই অহাৰ পাছতো আজি পৰ্যন্ত কোনো সুফল লাভ কৰা নাই বুলি অভিযোগ ৰাইজৰ ।
বেছিমাৰী- দৈপাম সংযোগী গড়কাপ্তানী পথৰ দুৰৱস্থা । এজাক বৰষুণতেই পথটোত সৃষ্টি হয় একাঠু পানী ।
বেছিমাৰী- দৈপাম সংযোগী গড়কাপ্তানী পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগিব লগীয়া হৈছে স্থানীয় ৰাইজে ৷ পথটোৰ দুয়োকাষত ব্যৱসায়ী সকলে অবৈধ ভাবে ভেটি ওখ কৰি গৃহ নিৰ্মাণ কৰাৰ ফলত এজাক বৰষুণতেই পথটোত জমা হয় একাঠু পানী৷
বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত পথচোৱাৰ কাষত স্থানীয় বিধায়ক গৰাকীৰ হস্তক্ষেপত ড্ৰেইন নিৰ্মাণ কৰা হৈছিল যদিও ব্যৱসায়ী সকলে সেই ড্ৰেইনত লেতেৰা আবৰ্জনা পেলোৱাৰ ফলত বৰষুণৰ পানী ৰাস্তাত উঠাৰ ফলত পথচোৱাত সৃষ্টি হয় পানীৰ সমস্যা সমাধান নোহোৱাৰ ফলত বৰ্তমানেও যাতায়তৰ ক্ষেত্ৰত যমৰ-যাতনা ভূগিব লগা হৈছে অঞ্চলবাসীয়ে৷ ৰাস্তাৰ দুয়োকাষে থকা অবৈধ ঘৰসমূহ উচ্ছেদ কৰিবলৈ বিধায়ক মজিবুৰ ৰহমানক আহব্বান জনাইছে আমছুৰ দৰং জিলা সমিতিয়ে।