poor condition of road : জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ৰাইজক
ৰঙিয়া,৪জুলাই : ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াত উন্নয়নৰ ফোপোলা স্বৰূপ। ৰঙিয়াত বিধ্বস্ত পথত ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ। ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গড়ভিতৰ বালাগাঁওলৈ যোৱা পথৰ দৃশ্য এয়া। অতিষ্ঠ গঞা ৰাইজে জৰাজীৰ্ণ পথটোত বৃহস্পতিবাৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে(poor condition of road)।
বোকা-পানীৰে কদৰ্যময় অৱস্থাৰ সৃষ্টি হোৱা পথটোত যাতায়তৰ নামত দুৰ্ভোগ ভুগি থাকিব লগীয়া হৈছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু শিশু, বৃদ্ধ, মহিলাই যমৰ যাতনা ভুগি যাতায়ত কৰিব লগীয়া হয়। ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাক গাঁওবাসীয়ে পথটো নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ অনুনয়-বিনয় কৰি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।
উপায়বিহীন হৈ ৰাইজে এনেদৰে ভূঁই ৰুই ক্ষোভ উজাৰে। নিৰ্বাচনৰ সময়ত নেতাসকলে পথটো মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পিছত সকলো ফুটুকাৰ ফেনত পৰিণত হয়। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদকাৰী সকলে এনেধৰণৰ ভুৱা আশ্বাস-প্ৰতিশ্ৰুতিকলৈ অসন্টুষ্টি প্ৰকাশ কৰে।
ইফালে জৰুৰীকালীন সময়ত জৰাজীৰ্ণ পথটোৰ বাবে বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেঞ্চ অথবা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱৰাত আন এক সমস্যাৰ সন্মুখীন হৈ আহিছে । শোচনীয় পথটো মেৰামতিৰ বাবে চৰকাৰক গঞাই বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো চৰকাৰে কোনো কানসাৰ নিদিয়াৰ অভিযোগ। ৰাইজৰ এই জ্বলন্ত সমস্যাক গুৰুত্ব দি অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ ক্ষুব্ধ লোকসকলে দাবী জনায়।