poor condition of road : বোকাখাতৰ এটা অতি বিপদজনক অবহেলিত পথ
বোকাখাত,৩০জুন : বোকাখাতৰ এটা অতি বিপদজনক অবহেলিত পথ। পথটোৰে খোজ দিলেই পিচলি পৰে বাটৰুৱা, ছাত্ৰ-ছাত্ৰী। ৰোগী, প্ৰসূতি কিম্বা বৃদ্ধজনৰ বাবেও এই পথটো হৈ উঠিছে যমনগৰী স্বৰূপ। এজাক বৰষুণতে বোকাময় হৈ উঠা পথটো ৰ উণ্ণয়ন ন’হল চৰকাৰী মেৰপেচত ।
মহমাইকী গাওঁ পঞ্চায়ত, লোকনিৰ্মাণ বিভাগ আৰু বোকাখাত পৌৰসভাৰ যেন গা নলৰে ৰাইজৰ দূৰ্গতি দেখি । বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই পথটো নিৰ্মানৰ বাবে লিখিতভাবে লোকনিৰ্মান বিভাগক জনোৱাৰ পিছতো আজিলৈকে নিৰ্মাণ নহ’ল কাকগোসানী থানৰ পৰা মহমাইকী গাঁও সংযোগী পথটো(poor condition of road) ।
স্থানীয় ৰাইজে বাৰম্বাৰ আবেদন নিবেদন কৰিও পথটো নিৰ্মান কৰাব নোৱাৰি ‘চৰকাৰী অবহেলিত পথ ‘ নামেৰে নামাকৰণ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
লগতে পঢ়ক : poor condition of road : এটা বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে নাৰায়ণপুৰৰ ৰাইজক