Local, Vocal, Global

poor condition of road : এটা বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে নাৰায়ণপুৰৰ ৰাইজক

লখিমপুৰ,৩০জুন : উন্নয়নৰ শ্লগানেৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰখনৰ উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ ৷ উন্নয়নৰ জয়গান গোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত নাৰায়ণপুৰৰ একাংশ ৰাইজক । কিয়নো চৰকাৰে তথাকথিত উন্নয়নৰ ফুলজাৰি মাৰি থকাৰ সময়তে নাৰায়ণপুৰ ৰাইজে উদঙালে উন্নয়নৰ প্ৰকৃত ছবিখন(poor conditions of roads) ৷

ৰাজ্য় চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ন হোৱা বুলি সততে দাবী কৰি অহাৰ সময়তে এটা বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে নাৰায়ণপুৰৰ এখন গাঁৱৰ সহস্ৰাধিক ৰাইজক ৷ এই বিধ্বস্ত পথেৰে বিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজে যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে ৷ আজি পৰ্যন্ত কোনো সুফল লাভ কৰা নাই বুলি অভিযোগ ৰাইজৰ ।

নাৰায়ণপুৰ তাতিবাহৰত এটি বিধ্বস্ত পথে জলাকলা খুৱাইছে ৰাইজক । বছৰ বছৰ ধৰি জৰাজীৰ্ণ পথেৰে যাতায়ত অঞ্চলটোৰ ৰাইজৰ। পথটো নিৰ্মাণ আৰু মেৰামতিৰ বাবে বিভাগীয় কতৃপক্ষক বাৰম্বাৰ খাটনি ধৰি ভাগৰি পৰিছে ৰাইজ ।

সুদীৰ্ঘ বহু বছৰ ধৰি এটা ভাল পথ পাবলৈ সক্ষম নহল লখিমপুৰ জিলাৰ নাৰায়ণপুৰ সমীপৰ বৃহত্তৰ তাতিবাহাৰৰ ৰাইজে ৷ পথটো নিৰ্মাণ আৰু মেৰামতিৰ বাবে বিভাগীয় কতৃপক্ষক বাৰম্বাৰ খাটনি ধৰি ভাগৰি পৰিছে অঞ্চলটোৰ ৰাইজ ৷

এই বিধ্বস্ত পথটো হৈছে নাৰায়ণপুৰ শিমলুগুৰি গড়কাপ্টানি পথৰ পৰা দৈ শিঙা গ্ৰেজিঙৰ মাজেদি যোৱা তাতিবাহৰ ৰেল ষ্টেচন সংযোগী পথ৷

স্থানীয় ৰাইজে জনোৱা মতে, এজাক বৰষুণতে বোকা পানীৰে ভৰি পৰা প্ৰায় এক কিলমিটাৰ জোৰা এই পথটোত সুদীৰ্ঘ ২০ বছৰে কিঞ্চিতমানো শিল-বালি পেলোৱা নাই বিভাগীয় কৰ্তপক্ষই।

উল্লেখ্য যে এই পথৰ কাষে কাষে তাতিবাহৰ উচ্চ মাধ্যমিক বিদ্যালয়, স্বাস্থ্য উপ কেন্দ্ৰ, পশু চিকিৎসা কেন্দ্ৰ, পানী যোগান আঁচনি, শ্ৰী মন্ত শংকৰ সংঘৰ উত্তৰ পূঁৱ আঞ্চলিক নামঘৰ, জ্যোতি বিষ্ণু কৃষ্টি সমাজৰ ৰঙ্গমঞ্চৰ লগতে প্ৰায় অৰ্ধ শতাধিক কোটি টকা ব্যয় সাপেক্ষে তাতিবাহৰ খেলপথাৰৰ লগতে ষ্টেডিয়ামৰ কামো দ্ৰুত গতিত চলি আছে৷

অতি ব্যস্ততাপুৰ্ণ এই পথটো বিভাগীয় কতৃপক্ষই বহু বছৰ পুৰ্বে অত্যাধুনিকভাৱে নিৰ্মাণ কৰিব লাগিছিল যদিও বিভাগীয় কৰ্তৃপক্ষ, স্থানীয় বিধায়ক তথা জনপ্ৰতিনিধি সকল ঘোৰ নিদ্ৰাত থকাৰ বাবেই উক্ত পথচোৱাৰ নিৰ্মাণ হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে ৰাইজে। চৰকাৰে অতি শীঘ্ৰে উক্ত পথটো মেৰামতি অথবা নিৰ্মাণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে অঞ্চলটোৰ ৰাইজে।

লগতে পঢ়ক : Road Accident in Bihali : তীব্ৰবেগী বাহনে মহতিয়াই নিলে চাইকেল আৰোহীক;নিহত চাইকেল আৰোহীজন