Policeman killed in tragic road accident : নিৰ্বাচনৰ দায়িত্ব সামৰি অহাৰ পথত ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল আৰক্ষী কনিষ্টবলৰ
নিউজ ডেস্ক,২৭ এপ্ৰিল : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দায়িত্ব সামৰি অহাৰ পথত ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল আৰক্ষী কনিষ্টবলৰ।
শুকুৰবাৰে নিশা সংঘটিত হৈছে এক শোকাৱহ পথ ঘটনা । শুকুৰবাৰে নিশা উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত সংঘটিত হৈছে এই দুৰ্ঘটনাটো( Policeman killed in tragic road accident in Guwahati) ।
জানিব পৰা মতে, শৰাইঘাট দলঙৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো । এই ভয়ংকৰ পথ দুৰ্ঘটনাটোৰ ফলত নিহত হোৱা অসম আৰক্ষীৰ কনিষ্টবল গোপাল চন্দ্র চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে। ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জালুবাৰীৰ আৰক্ষীয়ে জব্দ কৰিছে(Police Constable Dies After Being Hit By Truck In North Guwahati)।