Policeman Brutally Assaulted in Midnight Attack at Guwahati Pub : মহানগৰীৰ বশিষ্ঠত কৰ্তব্যৰত আৰক্ষী বিষয়াক গুৰুলা-গুৰুলকৈ প্ৰহাৰ দুৰ্বৃত্তৰ
নিউজ ডেস্ক,২১ এপ্ৰিল : জনতাক নিৰাপত্তা দিয়া আৰক্ষীৰে নিৰাপত্তা নাই মহানগৰীত। নিশা মহানগৰীৰৰ বশিষ্ঠত ভয়ংকৰ ঘটনা। মহানগৰীৰ বশিষ্ঠত কৰ্তব্যৰত আৰক্ষী বিষয়াক গুৰুলা-গুৰুলকৈ প্ৰহাৰ দুৰ্বৃত্তৰ। বশিষ্ঠ থানাৰ প্ৰহৃত আৰক্ষী বিষয়াজন প্ৰদীপ বসুমতাৰী(Policeman Brutally Assaulted in Midnight Attack at Guwahati Pub)।
প্ৰাপ্ত খবৰ অনুসৰি,পুৱতি নিশালৈকে খুলি ৰখা বাৰ খনৰ কৰ্তৃপক্ষই প্ৰদীপ বসুমতাৰী নামৰ বশিষ্ঠ থানাৰ এগৰাকী আৰক্ষী জোৱানক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি ম’বিল ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰিছিল। আৰক্ষীগৰাকীয়ে বাৰে বাৰে প্ৰাণৰ ভিক্ষা কৰিছিল যদিও অতি নিৰ্দয়ভাৱে বাৰখনৰ ভেৰনীয়া গুণ্ডাই প্ৰহাৰ কৰিছিল জোৱানগৰাকীক।
THE ECHO নামৰ পাবখনত সংঘটিত হয় এই ঘটনা। পাবখনত পুৱতি নিশালৈ সুৰাৰ আড্ডা চলাৰ অভিযোগ।
স্থানীয় লোকৰ অভিযোগ অনুসৰি, কিছুদিনৰ পূৰ্বেও এই বাৰখনৰ সন্মুখতেই সংঘটিত হৈছিল এখন ডাঙৰ কাজিয়াৰ। এই কাজিয়াখনত এখন মটৰ চাইকেলো জ্বলাই দিছিল দুৰ্বৃত্তই। ইফালে শেহতীয়াকৈ আৰক্ষীক প্ৰাণে মৰাৰ অপচেষ্টা চলোৱাৰ সন্দৰ্ভত আৰক্ষীয়ে দুগৰাকী লোকক ইতিমধ্যে আটক কৰিছে।