Imran Khan Case : অধিবক্তাক ইমৰাণ খানক লগ পোৱাত বাধা আৰক্ষীৰ

ইন্টাৰনেশ্যনেল ডেস্ক,২ছেপ্তেম্বৰ : পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই)ৰ মুৰব্বী ইমৰান খানৰ অধিবক্তাসকলক আৰক্ষীয়ে কাৰাগাৰত তেওঁক লগ কৰিবলৈ অনুমতি দিয়া নাই(Imran Khan Case)। জানিব পৰা মতে, উকীল শীৰাজ আহমেদ ৰঞ্জা আৰু গোহৰ আলীয়ে শুক্ৰবাৰে ইমৰান খানক লগ কৰাৰ কথা আছিল(Police stop lawyers from meeting Imran Khan at Attock jail)।
গহৰ আলীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, পিটিআই নেতাজনৰ শাস্তি স্থগিত কৰা হৈছে কিন্তু চাইফাৰ গোচৰৰ সন্দৰ্ভত তেওঁক আটক কৰা হৈছে।কিন্তু আদালতৰ নিৰ্দেশ স্বত্বেও, “মোক পিটিআইৰ অধ্যক্ষৰ সৈতে সাক্ষাৎ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল,”।
আনহাতে ৰাঞ্জাই কয় যে আদালতে কাৰাগাৰৰ বিষয়াসকলক পিটিআই ৰ মুৰব্বী আৰু তেওঁৰ পুত্ৰসকলৰ মাজত টেলিফোনযোগে বাৰ্তালাপৰ অনুমতি দিবলৈ নিৰ্দেশ দিছিল কিন্তু কাৰাগাৰৰ বিষয়াসকলে অনুমতি প্ৰদান কৰা নাছিল(Police Stop Lawyers from Meeting Imran Khan at Attock Jail) ।
জানিব পৰা মতে,পাকিস্তান তেহরিক-ই-ইনচাফ (পিটিআই)ৰ মুৰব্বীক প্ৰতিনিধিত্ব কৰা আইনী দলটোৱে কালি চাইফাৰ গোচৰৰ বাবে গোচৰৰ তথ্য লাভ কৰিছিল।
খবৰ অনুসৰি পিটিআইৰ মুৰব্বীগৰাকীৰ ৰিমাণ্ডৰ তথ্য আৰু চাইফাৰ গোচৰৰ ৰেকৰ্ড প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আইনী দলক দিয়া হয়।
পিটিআইৰ অধ্যক্ষৰ অধিবক্তাই আদালতৰ পৰা চাইফাৰ গোচৰৰ ৰেকৰ্ড বিচাৰিছিল। আদালতে আবেদন গ্ৰহণ কৰাৰ পিছতে এই অভিলেখ আইনী দলটোক প্ৰদান কৰা হয়, যিটো পিছত স্বীকাৰ কৰে পিটিআই মুখ্যৰ অধিবক্তা খালিদ ইউছুফে(Police stop lawyers from meeting PTI chief at Attock jail) ।
প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ চাইফাৰ গোচৰৰ শুনানি আটক জেললৈ বদলি কৰাটো ইয়াৰ পূৰ্বে পাকিস্তান তেহৰিক-ই-ইনছাফে নাকচ কৰিছিল। দলটোৰ মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে যে পিটিআইয়ে উচ্চতম ন্যায়ালয়ে মানৱ অধিকাৰ উলংঘনৰ বিষয়ত গুৰুত্ব দিয়াটো বিচাৰিছিল পিটিআয়ে ।
পাকিস্তান তেহৰিক-ই-ইনছাফৰ (পিটিআই) মুৰব্বীৰ বিৰুদ্ধে চাইফাৰ গোচৰৰ শুনানি এটক জেললৈ স্থানান্তৰিত কৰা হয়। আইন মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি মন্ত্ৰালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ চাইফাৰ গোচৰৰ শুনানি এটক কাৰাগাৰত অনুষ্ঠিত কৰিবলৈ অনুমোদন জনাইছে ।
এইটো মন কৰিবলগীয়া যে ইছলামাবাদৰ এখন বিশেষ আদালতে পিটিআইৰ অধ্যক্ষক এটক কাৰাগাৰত চাইফাৰ গোচৰত ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিছিল, য’ত প্ৰাক্তন প্ৰধানমন্ত্ৰীক বন্দী কৰি ৰখা হৈছে ।
লগতে পঢ়ক :President of Singapore: ভাৰতীয় মূলৰ থাৰমান শ্বানমুগাৰত্নম ছিংগাপুৰৰ ৰাষ্ট্ৰপতি