Police Raid On Sealdah Kanchenjunga Express Leads To Arrest Of Suspected Drug Peddler : নিউ বঙাইগাঁও জংচনত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
নিউজ ডেস্ক,১৮ এপ্ৰিল : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Police Raid On Sealdah Kanchenjunga Express Leads To Arrest Of Suspected Drug Peddler)।
এইবাৰ নিউ বঙাইগাঁও জংচনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। বুধাবাৰে নিশা প্ৰায় ১১:৪৫ বজাত এক গোপন সূত্ৰৰ ভিত্তিত ছেলেদাহ কাঞ্চনজংগা এক্সপ্ৰেছত অভিযান চলাই । অভিযানত শিলচৰ ৰৌলিৰ পৰা নিউ বংগাইগাঁও জংচনলৈ যোৱা ১৩১৭৬ নম্বৰৰ ডি এন ৰে’লৰ জেনেৰেল ডবাত ড্ৰাগছসহ আটক কৰে এজন সৰবৰাহকাৰীক ।
জানিব পৰা মতে, আৰক্ষীয়ে আটকাধীন সৰবৰাহকাৰীটোৰ পৰাই ড্ৰাগছভৰ্তি ৭টা চাবোনৰ বাকচ, এটা মোবাইল আৰু আধাৰ কাৰ্ড জব্দ কৰে।
ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো বেনেছ আলী বুলি জানিব পৰা গৈছে(Police Raid On Sealdah Kanchenjunga Express Leads To Arrest Of Suspected Drug Peddler)।
লগতে পঢ়ক : JP Nadda will visit Assam today: আজি অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা