Local, Vocal, Global

Police raid against Fake currency notes : চাপৰত জাল নোটৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান; অভিযানত দুই কোটি জাল নোটসহ গ্ৰেপ্তাৰ এজন

চাপৰ,১২মে’ : নামনি অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ গ্ৰাম্য আৰু চৰাঞ্চলত বৰ্তমান নকল টকাৰ প্ৰয়োভৰ। একাংশ দুষ্ট চক্ৰই নকল টকা তথা জালনোটৰ জৰিয়তে লুণ্ঠন চলাই আছে সাধাৰণ ৰাইজক। বিভিন্ন সময়ত বিভিন্ন প্ৰলোভন দি সহজ সৰল লোকক কিছু তন্ত্ৰ মন্ত্ৰ দেখুৱাই এনে নকল টকাৰ জৰিয়তে লুণ্ঠন কৰাৰ অভিযোগ। দীৰ্ঘদিন দিনৰ পৰা সাহিনুৰ ইছলাম নামৰ এই গৰাকীয়ে লোকে তন্ত্ৰ মন্ত্ৰ আৰু জালনোটৰ জৰিয়তে চলাই আছিল নিজৰ ৰমৰমীয়া ব্যৱসায়(Police raid against Fake currency notes)।

এক গোপন সূত্ৰৰ পম খেদি চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপজ্যোতি ইংতি আৰু চাপৰ চক্ৰ আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নিশা চাপৰ ধীৰঘাটৰ বৰঘোলাত অভিযান চলাই হাতে লোটে গ্ৰেপ্তাৰ কৰে ব্যক্তিজনক। জানিব পৰা মতে জব্দকৃত প্ৰায় দুই কোটি টকাৰ জালনোট খিনি সাত লাখ টকাত বিক্ৰী কৰাৰ যোজা কৰিছিল।