Police raid against drugs in Duliajan : দুলীয়াজানত ড্ৰাগছসহ জব্দ ৩ খনকৈ বাহন, আটক ৩ সৰবৰাহকাৰী

দুলীয়াজান, ১৮ ফেব্ৰুৱাৰী : দুলীয়াজানৰ বামহুকুটাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । অভিযান ৩ সৰবৰাহকাৰীসহ নিচা জাতীয় সামগ্ৰীৰ লগতে জব্দ কৰে ৩ খনকৈ বাহন(Police raid against drugs in Duliajan) ।
শনিবাৰে নিশা দুলীয়াজান আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত দুলীয়াজানৰ বামহুকুটা অঞ্চলত অৱস্থিত ছানছাইন ফুড হাট নামৰ ধাৱাত অভিযান চলাই । অভিযান আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ সহ তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীৰ আটক কৰিবলৈ সক্ষম হয়(Drugs Peddler Arrested)।
জানিব পৰা মতে আৰক্ষীয়ে আটক কৰা ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ৭.৩৭ গ্ৰাম হিৰোইনসহ ৮ টাকৈ চিৰিঞ্জ, বহু কেইটা কণ্টেইনাৰৰ লগতে নগদ ৭০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ জালত পৰা তিনি ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে দুলীয়াজানৰ ২নং ছলাকটকী অঞ্চলৰ পলাশ গগৈ, টিপলিঙ নলিনী পথাৰ গাঁৱৰ সীমান্ত শইকীয়া আৰু মধুটিঙ বাগানৰ সঞ্জীৱ কাঢ়াৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা AS-06-AH-4559 নম্বৰৰ এখন মাৰুতি এল্টো গাড়ী , AS-06-Y- 5077 নম্বৰৰ য়ামাহা এফ জেদ আৰু AS-23-AH-5285 নম্বৰৰ বাজাজ পালছাৰ বাইক জব্দ কৰে।