subhalakshmi dutta : কেতিয়াই গ্ৰেপ্তাৰ হ’ব নিলম্বিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত ?

নিউজ ডেস্ক, ৭ছেপ্টেম্বৰ : এতিয়াও আৰক্ষীয়ে সন্ধান পোৱা ASP শুভলক্ষ্মী দত্তৰ। আজিও পলাতক বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত। শুভলক্ষ্মী দত্তক বিচাৰি হাইৰাণ অসম আৰক্ষী(subhalakshmi dutta) । গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে পলায়ন কৰিছিল মহিলা নিৰ্যাতনৰ অভিযুক্ত ASP শুক্ষলক্ষ্মী দত্ত । শুভলক্ষ্মীক বিচাৰি বিভিন্ন ঠাইত অভিযান চলাই আছে শিৱসাগৰ আৰক্ষীয়ে । হঠাৎ ক’ত অন্তৰ্ধান হ’ল আৰক্ষী বিষয়াগৰাকী ।
বনকৰা মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগত বিতৰ্কত সোমাইছিল ASP শুভলক্ষ্মী । জোকাৰি গৈছিল ৰাজ্য । সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ । বন কৰা মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ৩০ আগষ্টত হেডকোৱাৰ্টাৰ ক্লজ কৰা হৈছিল শুভলক্ষ্মীক । তাৰ পিছত নিলম্বন কৰা হৈছিল ASP গৰাকীক ।
মঙলবাৰে শুভলক্ষ্মীক বিচাৰি গুৱাহাটীত উপস্থিত হৈছিল শিৱসাগৰ আৰক্ষীৰ দল। প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ ঘৰত আৰক্ষীয়ে চলাইছিল অভিযান। বিধায়কগৰাকীৰ ছয়মাইলস্থিত বাসগৃহত আৰক্ষীয়ে চলাইছিল অভিযান। বিধায়কগৰাকীৰ ঘৰত শুভলক্ষ্মী দত্তই আত্মগোপন কৰি থকাৰ সন্দেহত চলাইছিল অভিযান।
আৰক্ষী অহাৰ উমান পাই আৰক্ষীৰ চকুত ধূলি দি পলায়ন শুভলক্ষ্মীৰ(Subhalakshmi Dutta case) । আজিও পলাতক অৱস্থাত আছে শুভলক্ষ্মী দত্ত। ASP গৰাকীক বিচাৰি মহানগৰীত শিৱসাগৰ আৰক্ষী আৰু মহানগৰ আৰক্ষীৰ যুতীয়া অভিযান। মহানগৰীত থকা আত্মীয়ৰ বাসগৃহত আৰক্ষী উপস্থিত হৈ শুভলক্ষীৰ সন্ধানত তীব্ৰতৰ কৰি তুলিছে(police officer subhalakshmi dutta accused of torturing house help) ।
আনহাতে কুশল দুৱৰীৰ ফ্লেটৰ পৰা উলাই ওৱাল পাৰ হোৱাৰ এক দৃশ্যও ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । গুৱাহাটীৰ পাৰ্লে এপাৰ্টমেণ্টত আৰক্ষীৰ পহৰা তীব্ৰতৰ কৰি তুলিছে ।কিন্তু সন্ধাৰ উলিয়াব পৰা নাই ASP শুভলক্ষ্মী দত্তৰ ।
এতিয়াই প্ৰশ্ন হ’ল আৰক্ষী অভিযানৰ সময়তে কেনেকৈ পলাল শুভলক্ষ্মী দত্ত ? শুভলক্ষ্মী দত্তৰ লগতে সন্ধান নাই মাতৃ-কন্যাৰো। গ্ৰেপ্তাৰৰ ভয়ত ক’ত লুকাই আছে বিতৰ্কিত ASP শুভলক্ষ্মী দত্ত?
আৰক্ষীয়ে কেতিয়াই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব শুভলক্ষ্মীক? আৰক্ষীৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে একাংশই ! আৰক্ষী বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰিব নোৱৰাৰ বাবে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে অসম আৰক্ষীৰ বিৰুদ্ধে।