Local, Vocal, Global

Bomb Blast in Mosque : পাকিস্তানৰ মছজিদত পুনৰ বোমা বিস্ফোৰণৰ ঘটনা

ইন্টাৰনেশ্যনেল ডেস্ক, ২৬জুলাই : পুনৰ বোমা বিস্ফোৰণ ।পাকিস্তানত মছজিদত পুনৰ বোমা বিস্ফোৰণৰ ঘটনা(Pakistan mosque bombing) ।প্ৰাপ্ত তথ্য অনুসৰি , খাইবাৰ জিলাৰ আলি মছজিদ অঞ্চলৰ এটা নিৰ্মাণৰত মছজিদত সংঘটিত হৈছে এই বোমা বিস্ফোৰণৰ ঘটনা ।জানিব পৰা মতে, খাইবৰ হৈছে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ পেছাৱাৰ খণ্ডৰ এখন জিলা( Bomb blast in mosque police officer killed)

ঘটনা অনুসৰি,খাইবৰৰ জামৰুদৰ নিৰ্মাণৰত মছজিদটোত দুজন সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাখ কৰিছিল খাইবৰ আক্ষীয়ে আৰু ইয়াৰ সন্দৰ্ভত খাইবাৰ আৰক্ষীয়ে চোৰাংচোৱাৰ ভিত্তিত অভিযান চলাইছিল মছজিদটোত । আৰক্ষীৰ অভিযানৰ সময়ত আক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰাত এজন সন্ত্ৰাসবাদীয়ে নজকে বোমাৰে নিজকে উৰুৱাই দিয়ে আৰু আনজন সন্ত্ৰাসবাদী বোমা বিস্ফোৰণস্থলীৰ পৰা পলাই যায় (Police Officer Killed Several Injured In Mosque Blast In Pakistan)। পলায়ন কৰা সন্ত্ৰাসবাদীজনক সুৰক্ষা বাহিনীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।এই বোমা বিস্ফোৰণৰ ফলত এজন অতিৰিক্ত ষ্টেচন হাউছ অফিচাৰ (এছএইচঅ’) নিহত হয় । লগতে আন কেইবাজনো লোক আহত হয় বুলি জানিব পৰা গৈছে ।

প্ৰাৰম্ভিক অনুসন্ধান অনুসৰি, ঘটনাটো এটা আত্মঘাতী বোমা বিস্ফোৰণ ঘটনা বুলি অনুমান কৰা হৈছে । নিহত লোকজন অতিৰিক্ত এছএইচঅ’জনক আদনান আফ্ৰিদি বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, আহত লোকসকলক চিকিৎসা সহায়ৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে(Bomb Blast in Mosque) ।

উল্লেখ যোগ্য যে, পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাত বোমা বিস্ফোৰণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে । প্ৰদেশখন প্ৰায় সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সন্মুখীন হোৱা বাতৰি পোৱা যায় । বিগত বছৰৰ ১৮ জুনৰ পৰা চলিত বছৰৰ ১৮ জুনলৈকে প্ৰদেশখনত ৬৬৫ টা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে বুলি জানিব পৰা গৈছে । ইয়াৰে ভিতৰত আছিল ১৫ টা আত্মঘাতী বোমা বিস্ফোৰণ ।

লগতে পঢ়ক : Kargil Vijay Diwas 2023 : কাৰ্গিল বিজয় দিৱস, ভাৰতৰ গৌৰৱ গাঁথাৰ ২৪ বছৰ সম্পূৰ্ণ, বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষামন্ত্ৰীৰ