Police officer beaten up a constable : ঢকুৱাখনা সদৰ থানাৰ OC ৰ বিৰুদ্ধে গুণ্ডাগিৰীৰ অভিযোগ
লক্ষিমপুৰ, ১৯জুলাই : আৰক্ষীৰ গুণ্ডাগিৰি । মুখ্যমন্ত্ৰী, ডিজিপিলৈ কেৰেপ নকৰা এজন আৰক্ষী বিষয়াই। বাৰে বাৰে কনিষ্ঠ আৰক্ষীক নিৰ্মমভাৱে প্ৰহাৰ কৰি সাৰি যায় এজন আৰক্ষী বিষয়াই। মুখ্যমন্ত্ৰী আৰু ডিজিপিলৈ কাতৰ আহ্বান এজন আৰক্ষী কনিষ্টবলৰ ।
পুনৰ পোহৰলৈ আহিছে আৰক্ষী বিষয়াৰ গুণ্ডাগিৰিৰ । এইবাৰ ঢকুৱাখনা সদৰ থানাৰ OC উৎপল বড়াৰ বিৰুদ্ধে উত্থাপিত হৈছে গুণ্ডাগিৰিৰ অভিযোগ। বুধবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ভুক্তভোগী কনিষ্টবল এজনে (allegation against OC Utpal Bora) ।
জানিব পৰা মতে,অসম আৰক্ষীৰ এজন পৰিদর্শক পৰ্যায়ৰ বিষয়া উৎপল বৰা । ঢকুৱাখনা সদৰ থানাত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত উৎপল বৰা । শেহতীয়াকৈ উৎপল বৰা বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে থানাখনত কৰ্তব্যৰত কমল বৈশ্য নামৰ এজন কনিষ্টবলক নিৰ্মম ভাৱে প্ৰহাৰৰ (Police officer beaten up a constable in Dhakuakhana) ।
কমল বৈশ্যই প্ৰকাশ কৰা তথ্য অনুসৰি , “যোৱা ১৬ জুলাই নিশা ১.৩০ বজাত ঢকুৱাখনা সদৰ থানাত প্ৰহৰা দি থকাৰ সময়ত আৰক্ষী কনিষ্টবল কমল বৈশ্যক OCৰ কোঠালৈ মাতি নিয়ে। অসামৰিক পোছাকত থানাত উপস্থিত হৈছিল ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে । আৰু কোঠাৰ ভিতৰতলৈ মাতি নি নিৰ্মমভাৱে প্ৰহাৰ কৰে। লগতে তহঁতৰ দৰে কত কনিষ্টবল মাৰিছোঁ বুলি দাম্ভিক মন্তব্য কৰি OC বৰাই প্ৰহাৰৰ কৰে কনিষ্টবলজনক (Police officer beaten up a constable)।
তদুপৰি OC উৎপল বৰাৰ প্ৰহাৰত কমল বৈশ্যৰ মুখমণ্ডল আৰু হাতত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলিও অভিযোগ কৰে। আহত আৰক্ষী কনিষ্টবল জনে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰাত চিকিৎকে উন্নত চিকিৎসাৰ বাবে পৰামৰ্শ দিয়ে। কিন্তু ইয়াতে শান্ত নাথাকে উৎপল বৰা, পিছদিনা লখিমপুৰ আৰক্ষী চাউনিলৈ প্ৰেৰণ কৰে কনিষ্টবল বৈশ্যক ।
উল্লেখযোগ্য যে, যোৱা ২০২২ চনৰ এপ্ৰিল মাহতো OC উৎপল বৰাই বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৈ থাকোতে এনেদৰেই প্ৰেমধৰ নৰহ নামৰ এজন কনিষ্টবলকো ৰুমত মাতি লৈ গৈ নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল । এই ঘটনাৰ পোহৰলৈ অহাৰ পিছত বহু সংগঠনে ধৰ্ণা, প্ৰতিবাদৰ লগতে অ’চি উৎপল বড়াৰ পুত্তলিকাও দাহ কৰে ।
এই ঘটনাৰ পিছতো সেই সময়ত লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। যাৰ ফলত এইজন আৰক্ষী বিষয়া উৎপল বড়াই কাকো কেৰেপ নকৰি পুনৰ ঢকুৱাখনা থানালৈ আহি ইয়াতো একেই ঘটনা সংঘটিত কৰিছে ইয়াকে লৈ ৰাইজৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
এই সমগ্ৰ ঘটনাৰ বিষয়ে ইতিমধ্যে আৰক্ষী কনিষ্টবল কমল বৈশ্যই লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকক অৱগত কৰিছে। বাৰে বাৰে নিজৰ সহকৰ্মীকে মাৰধৰ কৰি গুণ্ডাগিৰি প্ৰদৰ্শন কৰা এইজন ঢকুৱাখনা থানাৰ OC উৎপল বৰাৰ বিৰুদ্ধে এইবাৰ ব্যৱস্থা গ্ৰহণ কৰিব নে নাই DGP আৰু মুখ্যমন্ত্ৰীয়ে তাক লৈ এতিয়াই প্ৰশ্ন উত্থাপন হৈছে(Police officer beaten up a constable in Dhakuakhana) ।
লগতে পঢ়ক : SP Anand Mishra: আনন্দ মিশ্ৰই গতিয়াই লৈ গ’ল হিন্দুত্ববাদী নেতা বলেন বৈশ্যক