Local, Vocal, Global

Police given ‘shoot-on-sight’ orders as clashes become deadlier : উত্তপ্ত বাংলাদেশ ! ‘শ্বুট অন চাইট’ৰ নিৰ্দেশ আৰক্ষীক

নিউজ ডেস্ক,২১জুলাই : আজিও উত্তপ্ত বাংলাদেশ। বাংলাদেশত সংৰক্ষণ বিৰোধী প্ৰতিবাদতে লৈছে ভয়ংকৰ ৰূপ । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি অসহায় বাংলাদেশ চৰকাৰ। হিংসাত্মক পৰিস্থিতি দেশখনত মৃত্যুৰ সংখ্যা ১১৪জনলৈ বৃদ্ধি পালে(Police given ‘shoot-on-sight’ orders as clashes become deadlier)।

বাংলাদেশৰ পৰিস্থিতি অধিক জটিল হোৱাৰ বাবে সমগ্ৰ দেশতে জাৰি কৰিছে ‘শ্বুট অন চাইট’ৰ আদেশ জৰিয়তে কঠোৰ সান্ধ্য আইন। দেওবাৰে বিয়লি ৩বজালৈ জাৰি কৰা হৈছে সান্ধ্য আইন । ইফালে বাংলাদেশ চৰকাৰে দেশখনত দেওবাৰ আৰু সোমবাৰে স্থানীয় বন্ধ ঘোষণা কৰিছে। কেৱল জৰুৰীকালীন সেৱাসমূহৰ বাবেহে অনুমতি প্ৰদান কৰা হৈছে।

ইফালে দেশখনত সংৰক্ষণ বিৰোধী আন্দোলনে লোৱা ভয়ংকৰ ৰূপৰ ধাৰণ কৰাৰ বাবে শুকুৰবাৰে চুয়াডাংগাৰ দৰ্শনা তালাচী চকী হৈ দেশলৈ উভতিল বহু ভাৰতীয় শিক্ষার্থী।শুকুৰবাৰে দিনটোত দেশখনৰ পৰা ভাৰতীয় শিক্ষার্থী ভাৰতত উপস্থিত হয়। বিদেশ মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি ৭৭৮গৰাকী শিক্ষাৰ্থী স্থলপথেৰে, প্ৰায় ২০০গৰাকী শিক্ষাৰ্থী ঢাকা আৰু চট্টগ্ৰাম বন্দৰৰ পৰা বিমানযোগে উভতি আহিছে ।

উভতি অহা শিক্ষাৰ্থীসকলৰ ভিতৰত অসমৰ শিক্ষাৰ্থী আছে বুলি জানিব পৰা গৈছে। এইসকলৰ ভিতৰত একাংশ শিক্ষার্থী মেঘালয়ৰ ডাউকি-বাংলাদেশ সীমান্তৰে আৰু ৪১ জনীয়া এটা দল কৰিমগঞ্জ সুতাৰকান্দী আন্তঃৰাষ্ট্ৰীয় স্থল বন্দৰেৰে অসমলৈ উভতি আহিছে(Shoot-at-sight orders in Bangladesh as top court to rule on jobs quota today)।

উল্লেখ্য যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই আৰক্ষীৰ গুলীচালনাৰ বাবে ন্যায়িক তদন্তৰ ঘোষণা কৰিছে। তেওঁ সামাজিক মাধ্যমযোগে ছাত্ৰ-ছাত্ৰীৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে আৰু পৰিয়ালসমূহৰ ক্ষতিৰ বাবে সহানুভূতি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলক আলোচনাৰ বাবে আহ্বান জনাইছে।

লগতে পঢ়ক : Manolo Marquez, Indian Football Team New Head Coach: মান’লো মাৰ্কেজক ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি