Local, Vocal, Global

Murder Suspect Dodges 7 Bullets : হত্যাকাৰীলৈ লক্ষ্য কৰি ৭ জাঁই গুলি আৰক্ষীৰ

বিলাসীপাৰা, ১৫ নৱেম্বৰ : পুনৰ আৰক্ষীৰ গুলীচালনা । এইবাৰ হত্যাকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা । অপৰাধীলৈ লক্ষ্য কৰি ৭ জাঁই গুলি আৰক্ষীৰ(Murder Suspect Dodges 7 Bullets) ।

বিলাসীপাৰাত সংঘটিত হৈছে এই ঘটনাৰ । মঙলবাৰে নিশা বিলাসীপাৰাৰ চাটাপাৰা গাঁৱৰ আলী আকবৰলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ ।

জানিব পৰা মতে, আলী আকবৰ নামৰ দুৰ্বৃত্তটোৱে যোৱা ২৪ মে’ত হত্য়া কৰিছিল যুৱ ব্যৱসায়ী বাছেৰ আলী নামৰ এজন লোকক । এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আলী আকবৰক ধৰিবলৈ মঙলবাৰে নিশা আৰক্ষীয়ে চলাইছিল অভিযান । অভিযানত আলী আকবৰে মাছপাৰা এলেকাত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে(Police foils escape bid by murder suspect in Dhubri) ।

আৰক্ষী অহাৰ উমান পায় পলায়ন কৰিছিল আলী আকবৰে তেনে সময়তে আলী আকবৰ লক্ষ্য কৰি আৰক্ষীয়ে ৭ জাঁই গুলিচালনা কৰা । গুলীচালনাৰ সময়ত পানীত জাঁপ মাৰে দুৰ্বৃত্তটোৱে আৰু আৰক্ষীৰ গুলীৰ পৰা ৰক্ষা পৰে( Murder Suspect Dodges 7 Bullets, Later Caught In Shallow Waters)।

কেইবা ঘণ্টা যোৰা অভিযানৰ পিছত আৰক্ষীয়ে আলী আকবৰ নামৰ দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আলী আকবৰৰ‌ ঘৰ বিলাসীপাৰা‌ চাটা পাৰাত বুলি জানিব পৰা গৈছে। এই ঘটনাটো লৈ বিলাসীপাৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে।

লগতে পঢ়ক : 4 labourers from Bihar die of suffocation inside tank : এক মৰ্মান্তিক ঘটনা,টেংকীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ মৃত্যু ৪ জনকৈ শ্ৰমিকৰ