Local, Vocal, Global

Police Shoot And Injure Suspected ULFA-I Member : আলফা(স্বাঃ)ৰ লিংকমেনৰ সন্দেহত বাইহাটা চাৰিআলিত আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ২৫ডিচেম্বৰ : পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ । আলফাৰ লিংকমেনৰ সন্দেহত এনকাউণ্টা আৰক্ষীৰ

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ শালমাৰাত সংঘটিত হৈছে এই ঘটনাৰ ।কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ শালমাৰাত আৰক্ষীৰ গুলীত আহত হয় এজন যুৱক। গুলীবিদ্ধ যুৱকজনৰ নাম প্ৰাঞ্জল দাস বুলি জানিব পৰা গৈছে । প্ৰাঞ্জল দাসৰ ঘৰ ৰঙিয়াত(Suspected ULFA-I member shot by cops at Baihata Chariali)।

জানিব পৰা মতে, আলফাৰ লিংকমেন হোৱাৰ সন্দেহত যুৱকজনক কৰায়ত্ত কৰিছিল আৰক্ষীয়ে। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওঁতেই গুলীচালনা কৰাৰ দাবী আৰক্ষীৰ। আৰক্ষীৰ গুলীত ভৰিত গুলীবিদ্ধ হৈ আহত হয় যুৱকজনক। বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে(Police firing at Baihata Chariali, suspected ULFA-I member injured)।

উল্লেখ্য যে, অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু আলফা স্বাধীনৰ মাজত চলি থকা বাকযুদ্ধৰ মাজতে তিনিচুকীয়াৰ কাকপথাৰ ডিৰাক অঞ্চলত সংঘটিত হৈছিল এক এনকাউণ্টাৰৰ ঘটনা ৷ আলফা স্বাধীনৰ সদস্য বুলি সন্দেহৱশত শদিয়াৰ তিনি যুৱকৰ ওপৰত গুলীবৰ্ষণ কৰিছিল অসম আৰক্ষী আৰু সেনাই । অসম আৰক্ষীৰ মুকলি গুলীবৰ্ষণত গুৰুতৰভাৱে আহত হয় তিনি যুৱক(Police firing at Baihata Chariali, suspected ULFA-I member injured) ৷

আহত তিনি যুৱক ক্ৰমে নিজৰাপাৰাৰ মনোজ বুঢ়াগোহাঁই, মিলন নগৰৰ নবীন নেওগ ওৰফে দ্বীপজ্যোতি আৰু শদিয়াৰ স্কুল চাৰিআলিৰ বিশ্বনাথ বুঢ়াগোহাঁই আৰু তিনিওজন যুৱকৰে ভৰিত গুলী লাগিছে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে এই গুলীচালনাৰ ঘটনা ক’ত আৰু কেনেকৈ সংঘটিত হৈছে এইসন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৷ কিন্তু অৰুণাচলৰ চাংলাঙত এই গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে একাংশই ৷

লগতে পঢ়ক : 68 Killed in Single Israeli Airstrike on Gaza : অব্যাহত আছে ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধৰ বিভীষিকা; পুনৰ গাজাৰ শৰণাৰ্থীৰ শিবিৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ