Local, Vocal, Global

Dhubri Encounter : ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা

নিউজ ডেস্ক, ৫ নৱেম্বৰ : ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ ধুবুৰীত এনকাউণ্টাৰ ঘটনা। । গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা । আমি প্ৰায় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনকাউণ্টাৰ ঘটনা শুনিবলৈ পাওঁ ।কেতিয়াবা যদি ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা আৰু কেতিয়াবা হত্য়াকাৰীলৈ আৰক্ষীৰ গুলীচালনা । কবলৈ গ’লে আমি প্ৰায় সৰবৰাহকাৰী লৈ আৰক্ষীৰ গুলীচালনা ঘটনা শুনিবলৈ পাওঁ (Dhubri Encounter)।

এইবাৰ চোৰাং গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা । শনিবাৰে নিশা আৰক্ষীয়ে ধুবুৰীৰ তামাৰহাটত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই । অভিযানত আৰক্ষীয়ে কেইবাজনো সৰবৰাহকাৰী E’k কৰাৰ লগতে জব্দ কৰে এখন ৱেগ’নাৰ আৰু এখন বলেৰ’ পিক আপ বাহন । বলেৰ’ পিক আপ বাহনখনৰ পৰা ৮টাকৈ গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে।

উল্লেখ্য যে, বলেৰ’ পিকআপ আৰু এখন ৱেগনাৰ বাহনত এই চোৰাং গৰু সৰবৰাহ কৰাৰ চেষ্টা কৰা হৈছিল। গৰুকেইটা তিৰপালেৰে ঢাকি মুখ বান্ধি অনা হৈছিল। আৰক্ষীৰ এক অভিযানত চোৰাং গৰু সৰবৰাহ কৰিবলৈ চেষ্টা কৰা এই বাহনসহ তিনিজন লোকক ধৰা পোলায় আৰু বাধা দিয়ে। আৰক্ষীয়ে সিঁহতক আটক কৰিবলৈ লওতে আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি এজনে পলায়ন কৰিবলৈ চেষ্টা কৰে। পলাবলৈ চেষ্টা চলোৱা চোৰাং গৰু সৰবৰাহকাৰী এটাক আৰক্ষীয়ে লক্ষ্য কৰি গুলীচালনা কৰে । ইয়াৰ লগতে আন দুটা চোৰাং গৰু সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।

আটক অভিযুক্ত ক্ৰমে চোৰাং গৰু সৰবৰাহকাৰী মিজানুৰ ৰহমান মিঞা, চাহাবৰ প্ৰমাণিক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জব্দ কৰা বাহন দুখনৰ নম্বৰ AS16 K -6727 নম্বৰৰ Wagon R আৰু AS17 C – 2518 নম্বৰৰ Bolero Pick Up বুলি জানিব পৰা গৈছে((Police Encounter in Dhubri) ।

লগতে পঢ়ক : Bhupen Hazarika Death Anniversary : আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দ্বাদশ মৃত্যুবাৰ্ষিকী