Assam police encounter: ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা

বিলাসীপাৰা, ৩১অক্টোবৰ : ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা । এইবাৰ বিলাসীপাৰাত এনকাউণ্টাৰৰ ঘটনা । বিলাসীপাৰাত যুৱকক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা (Police Encounter in Bilasipara)।
ৰাজ্য পুনৰ সংঘটিত হৈছে আন এক গুলীচালনা ঘটনা । পুনৰ আৰক্ষীৰ গুলীচালনা অস্ত্ৰধাৰী দুৰ্বৃত্তক । মঙলবাৰে সংঘটিত হৈছে এই ঘটনাটো । আৰক্ষীৰ গুলীত আহত দুই অস্ত্ৰধাৰী দুৰ্বৃত্ত ।
প্ৰাপ্ত তথ্য অনুসৰি, বিলাসীপাৰাত দুই অস্ত্ৰধাৰী দুৰ্বৃত্তই বহুদিনৰ পৰা সন্ত্ৰাস সৃষ্টি কৰি আহিছিল । এই সন্দৰ্ভত স্থানীয় ৰাইজে দাখিল কৰিছিল গোচৰ । এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই আৰু দুই অস্ত্ৰধাৰী দুৰ্বৃত্ত পৰা আৰক্ষীয়ে জব্দ কৰে এখন বাইক, এটা 7.65 MM পিষ্টল সহ ৩ জাঁই সজীৱ গুলি ।আটক কৰা যুৱক দুজন ছফিকুল ইছলাম আৰু মতিয়াৰ বুলি চিনাক্ত কৰা হৈছে । মতিয়াৰ ৰহমান ঘৰ চিৰাকুটা দ্বিতীয় খণ্ড আৰু ছফিকুল ইছলাম ৰ ঘৰ হাকামা বুলি জানিব পৰা গৈছে(Assam police encounter) ।
আৰক্ষীয়ে উদ্ধাৰ কৰা পালচাৰ বাইকখনৰ নম্বৰৰ AS16D-935।
উল্লেখ্যে যে আৰক্ষীয়ে যুৱক দুজনক আটক কৰি সোধ পোচৰ বাবে থানালৈ লৈ আহি থকাৰ সময়ত দুই দুৰ্বৃত্ত পলায়নৰ চেষ্টা কৰে আৰু সেই সময়তে আৰক্ষীয়ে গুলীচালনা কৰে ।
আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় ছফিকুল ইছলাম ।আঘাতপ্ৰাপ্ত ছফিকুল ইছলামক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
লগতে পঢ়ক : Assam police encounter: ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা