Local, Vocal, Global

Police detained Mainao Brahma at Guwahati Airport : আৰক্ষীৰ জালত পৰিল ট্ৰেডিঙৰ নামত কোটিটকীয়া কেলেংকাৰী কৰা মাইনাও ব্ৰহ্ম

নিউজ ডেস্ক,১২ছেপ্তেম্বৰ : আৰক্ষীৰ জালত পৰিল ট্ৰেডিঙৰ নামত কোটিটকীয়া কেলেংকাৰী কৰা মাইনাও ব্ৰহ্ম। বৰঝাৰ বিমান বন্দৰৰ পৰা আটক কৰে মাইনাও ব্ৰহ্মক।নিশা দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমান যোগেৰে আহি বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰিছিল মাইনাও ব্ৰহ্মই। বৰঝাৰ আৰক্ষী আৰু বাক্সা আৰক্ষীয়ে যুটীয়া অভিযানত আটক কৰে মাইনাওক(Assam Woman Accused Of Rs 100 Cr Trading Scam Arrested at Guwahati Airport)।

পাণ দোকানীৰ পৰা কোটিপতি হৈছিল মাইনাও ব্ৰহ্ম। অবৈধ মানী ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰে কোটি কোটি টকা আত্মসাৎ কৰাৰ তালিকাত আছিল বাক্সাৰ মাইনাও ব্ৰহ্ম মহিলাগৰাকী নাম। কোটি কোটি টকা আত্মসাৎ কৰি নামে-বেনামে সম্পত্তিৰ পাহাৰ গঢ়িছে মহিলাগৰাকীয়ে(Police detained Mainao Brahma at Guwahati Airport)।

লগতে পঢ়ক :Protest against Cattle Paddler : নগাঁও জিলাৰ ৰজাগাঁৱত গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ