Drugs paddler arrested: তিনিচুকীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰীক

তিনিচুকীয়া, ২৩জুলাই : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই ।
ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।
বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজানা নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়। ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছহুহকি নাযায় তৰুণ-তৰুণী । ড্ৰাগছৰ কবলত পৰিলে অতি সহজেই শৰীৰ আৰু মন নিচাগ্ৰস্ত হৈ পৰে।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে।
ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক ড্ৰাগছ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । সমান্তৰালকৈ ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ প্ৰতিদিনেই আমদানি হৈ আছে লাখ লাখ টকাৰ ড্ৰাগছৰ । প্ৰাপ্ত তথ্য অনুসৰি , শণিবাৰে নিশা নৈশ বাছৰ জৰিয়তে ডিমাপুৰৰ পৰা ড্ৰাগছৰ সৰবৰাহৰ সময়ত আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ । জানিব পৰা মতে,শণিবাৰে নিশা চাৰি ড্ৰাগছ সৰবৰাহকাৰীয়ে ডিমাপুৰৰৰ পৰা সৰবৰাহ কৰি আনিছিল মাৰাত্মক ড্ৰাগছখিনি(Drugs paddler arrested) ৷
কিন্তু তিনিচুকীয়া আৰক্ষীয়ে গোপন সূত্ৰ পম খেদি তিনিচুকীয়াত অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত আৰু তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইৰ সহযোগত আৰক্ষীৰ এটা দলে অভিযান চলাই আৰু তিনিচুকীয়া চহৰস্থিত হোটেল মিডটাউনৰ ১০৬ নম্বৰ কোঠাৰ পৰা ড্ৰাগছসহ দুটা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী হেম বাহাদুৰ চুবেদি আৰু অজয় টাৱাং বুলি জানিব পৰা গৈছে(Drugs peddler arrested with huge amount of drugs in Tinsukia) ৷
ধৃত সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে ৯ টা চাবোনৰ বাকচত ১১০ গ্ৰাম মাৰাত্মক ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। আৰু ইয়াৰ বজাৰমূল্য প্ৰায় ২২ লাখ টকা বুলি জানিবলৈ দিয়ে আৰক্ষয়ে ৷ লগতে আৰক্ষীয়ে জব্দ কৰে দুই সৰবৰাহকাৰীৰ পৰা দুখনকৈ ৰয়েল এনফিল্ডৰ মটৰচাইকেল ৷ জব্দকৃত থাণ্ডাৰৱাৰ্ড বুলেটখনৰ নম্বৰ এ এছ 23 এ বি 2900 আৰু হিমালয়ানখনৰ নম্বৰ এ আৰ 22 বি 3155 বুলি জানিব দিয়ে আৰক্ষীয়ে ।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভ তদন্ত চলাই আছে ।কিন্তু দুই সৰবৰাহকাৰীয়ে হোটেল মিডটাউনত নীতি বৰ্হিভূতভাৱে পঞ্জীয়ন বহীত পঞ্জীয়ন নকৰাকৈ হোটেলৰ কোঠা প্ৰদান কৰা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ৷ আৰু এই সংক্ৰন্তত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে(police detained drugs paddler in Tinsukia) ।
লগতে পঢ়ক : Drugs peddler arrested in biswanath : ছাগলী চোৰ কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী