ঘোচ লৈ জালত আৰক্ষী চক্ৰ বিষয়া অচ্যুত দত্ত, দেহৰক্ষী দিগন্ত বৰুৱা
![](https://mynewsne.com/wp-content/uploads/2022/10/WhatsApp-Image-2022-10-12-at-07.26.40.jpeg)
নিউজ ডেস্ক: নিতৌ ঘোচ লৈ জালত পৰিছে চৰকাৰী বিষয়া-কৰ্মচাৰী৷ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ কথা কৈ কঠোৰ হোৱাৰ সময়তে চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে কেয়াৰ কৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক৷ তাৰ মাজতে আজি নামনি অসমত দুজনকৈ গৃহ বিভাগৰ লোক ঘোচ লৈ জালত পৰিছে৷ এইবাৰ দুৰ্নীতি নিবাক শাখাৰ ওচৰত হাত দাঙিলে আৰক্ষী চক্ৰ বিষয়া অচ্যুত দত্ত আৰু দেহৰক্ষী (PSO) দিগন্ত বৰুৱা৷ দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে ১০ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰে আৰক্ষী চক্ৰ বিষয়া অচ্যুত দত্ত আৰু দিগন্ত বৰুৱাক৷ ধুলাৰ ছোৰাপ আলীৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে অচ্যুত দত্ত আৰু দিগন্ত বৰুৱাক৷