Police Battalion commits Suicide in Charaideo : চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই আত্মহত্যা আৰক্ষী বেটালিয়নৰ

নিউজ ডেস্ক,৬আগষ্ট : এগৰাকী আৰক্ষী বেটালিয়নৰ চৰম সিদ্ধান্ত । চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই আত্মহত্যা আৰক্ষী বেটালিয়নৰ ৷
চৰাইদেউত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ মঙলবাৰে চৰাইদেউৰ সোণাৰিৰ কানুবাৰীস্থিত বেটালিয়ন কেম্পত আত্মহত্যা কৰে এগৰাকী বেটালিয়নে৷ চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰা অসম আৰক্ষীৰ বেটালিয়নগৰাকী পুলিন চন্দ্ৰ দাস বুলি জানিব পৰা গৈছে(Police Battalion commits Suicide in Charaideo) ৷
জানিব পৰা মতে, অসম-নাগালেণ্ড সীমান্তৰ কানুবাৰী বাগিচাৰ বেটালিয়ন কেম্পত কৰ্মৰত আছিল পুলিন চন্দ্ৰ দাস ৷ মৃত বেটালিয়নগৰাকীৰ ঘৰ গোলাঘাট জিলাৰ দেৰগাঁৱত ৷
বৰ্তমানলৈ জানিব পৰা হোৱা নাই আৰক্ষী বেটালিয়নৰ জনৰ আত্মহত্যাৰ কাৰণ ।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে(Police Battalion commits Suicide in Charaideo)।
লগতে পঢ়ক : Nagaon Rehab Center : ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহত প্ৰকৃততে চলিছে কি ?