Local, Vocal, Global

Police arrested the thief who fled from police custody : কলগাছিয়া আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা চোৰক পুনৰ গ্ৰেপ্তাৰ আৰক্ষীৰ

নিউজ ডেস্ক,২৮মাৰ্চ : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি চুৰিকাণ্ডৰ ঘটনা ৷ আৰক্ষী যিমানে সষ্টম হৈছে সিমানে চোৰে নতুন নতুন পন্থা অৱলম্বন কৰি আছে চুৰি কাৰ্য । আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই সংঘটিত কৰি গৈছে চুৰিকাৰ্য ৷ আনকি ধৃত একাংশই চোৰে আকৌ আৰক্ষীৰ জিম্মাৰ পৰাই পলাই যাবলৈ মাত্ৰ সুযোগৰ সন্ধান কৰি থকা দেখা যায় ৷

বুধবাৰে নিশা কলগাছিয়া আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা চোৰক পুনৰ গ্ৰেপ্তাৰ আৰক্ষীৰ(Police arrested the thief who fled from police custody)।

ঘটনা অনুসৰি, শনিবাৰে কলগাছিয়া বজাৰৰ পৰা কোকিলা ২ য় খণ্ডৰ খাইৰুল ইছলামৰ ই-ৰিক্সাখন চোৰে লৈ উধাও হয় ৷ অৱশ্যে চুৰিৰ এই সমগ্ৰ দৃশ্য বন্দী হৈছিল চিচি টিভিত কেমেৰাত ৷ সেই চিচি টিভি কেমেৰাৰ দৃশাংশৰ আধাৰতে কলগাছিয়াৰ আৰক্ষীয়ে শনিবাৰে নিশা খাৰবাল্লিৰ পৰা মণিৰুল ইছলামক কৰায়ত্ত কৰে ।

খাইৰুল ইছলামৰ ই-ৰিক্সাখন চুৰি কৰি মণিৰুল ইছলামে নোৱাগাঁৱৰ জাহিদুল ইছলামৰ ডেম্পত বিক্ৰী কৰে ৷ আৰক্ষীয়ে অভিযান চলায় মঙলবাৰে বিয়লি সেই ডেম্পৰ পৰা ই-ৰিক্সাখনৰ অৱশিষ্টখিনি উদ্ধাৰ কৰে ৷ এই চুৰি ঘটনাৰ লগত নাম সাঙুৰ খোৱা মণিৰুল ইছলামৰ লগতে জাহিদুল ইছলাম আৰু তেওঁৰ ভাতৃক পলাই যোৱাত সহায় কৰাত ইয়াছিন আলীকো আটক কৰে আৰক্ষীয়ে ৷

মঙলবাৰে দুপৰীয়া প্ৰায় ২ বজাত কলগাছিয়াত বৰপেটা অসামৰিক চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ পথতে আৰক্ষীৰ জিম্মাৰ পৰা মণিৰুল ইছলাম নামৰ ধৃত চোৰটোৱে পলায়নৰ চেষ্টা কৰে ৷ তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ(thief caught by police while trying to escape in kalgachia ) ৷

অৱশ্যে খাৰবাল্লি গাঁৱৰ গাঁও প্ৰধানৰ সহযোগত পুনৰায় কলগাছিয়া মাজুলী চৰৰ পৰা উক্ত নিশাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত চোৰটোক । এই সন্দৰ্ভত কলগাছিয়া আৰক্ষী বিষয়াগৰাকীয়েও সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰিছে ।

স্থানীয় ৰাইজৰ অভিযোগ, দীৰ্ঘদিন ধৰি ডেম্পটোত চুৰি গাড়ী ক্ৰয় কৰি কাটি ব্যৱসায় কৰি আহিছে ৷ এই সন্দৰ্ভত কলগাছিয়া আৰক্ষীয়ে অৱগত হৈয়ো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷

লগতে পঢ়ক : Fire breaks out in passenger bus : যাত্ৰীবাহী চলন্ত নৈশ বাছত অগ্নিকাণ্ড;কথমপি প্ৰাণ ৰক্ষা ৪০ জনৰো অধিক যাত্ৰীৰ