Local, Vocal, Global

Nazira Murder : পত্নীহত্যাৰ অভিযোগত গ্ৰেপ্তাৰ স্বামী

নাজিৰা, ১৯জুন : ৰাজ্যত আৰক্ষী যিমানে সষ্টম হৈছে সিমানে বৃদ্ধি হৈ আছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা। দৈনিক ৰাজ্যত ড্ৰাগছ, অপহৰণ ,হত্যাকাণ্ডৰ দৰে ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। প্ৰায় প্ৰতিদিনে হত্যাকাণ্ডৰ দৰে ঘটনাই বাতৰি শিৰোনাম দখল কৰা দেখা যায়(Najira Murder)।

পুনৰ ৰাজ্যত হত্যাকাণ্ড ।নাজিৰাত নৃশংস হত্যাকাণ্ড, পত্নীহত্যাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন লোকক। হত্যাকাণ্ডৰ এই খবৰ বিয়পি পৰাৰ পাছতেই এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

নাজিৰাৰ গেলেকীস্থিত ৰঙাগড়াত এটা নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । সোমবাৰে পুৱতি নিশা ৰঙাগড়াৰ আনন্দ মুণ্ডা নামৰ এজন লোকে তেওঁৰ পত্নীক বাঁহৰ লাঠীৰে মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে(Police arrested a man for allegedly killing his wife in Najira) ।

ঘটনাৰ বিৱৰণী অনুসৰি, পুৱতি নিশা হোৱা আক্ৰমণৰ ফলত ৰেণু মুণ্ডাৰ মৃত্যুৰ কথা অৱগত হোৱাৰ পাছতেই পুৱা স্থানীয় ৰাইজে খবৰ দিয়ে গেলেকী আৰক্ষীক । ইয়াৰ পিছতেই ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । লগতে আৰক্ষীয়ে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে হত্যাৰ অভিযুক্ত আনন্দ মুণ্ডাক গ্ৰেপ্তাৰ কৰিছে ।

স্থানীয় সূত্ৰে জানিব পৰা অনুসৰি, আনন্দ মুণ্ডা আৰু তেওঁৰ পত্নীৰ মাজত পূৰ্বৰে পৰা চলি আছিল পাৰিবাৰিক কণ্ডল । এই পাৰিবাৰিক কণ্ডলৰ চুড়ান্ত পৰিণতিৰ ফলস্বৰূপে অৱশেষত মৃত্যু ঘটে আনন্দ মুণ্ডাৰ পত্নী ৰেণু মুণ্ডা নামৰ মহিলাগৰাকী ।

ৰঙাগড়াত সংঘটিত এই নৃশংস হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ পাছতেই এতিয়া অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই (Police arrested a man)। লগতে স্থানীয় লোকে উচিত তদন্তৰ জড়িয়তে হত্যাকাণ্ডৰ এই ঘটনাটোৰ প্ৰকৃত কাৰণ উদ্ধাৰৰ লগতে হত্যাকাৰীক উপযুক্ত শাস্তিৰ দাবী জনাইছে ।

লগতে পঢ়ক : Delhi Double Murder :নিজ গৃহত গুলীয়াই হত্যা দুই ভগ্নীক