Watch | Police arrest 6 gamblers in Bamunbari of Barakshetri: বৰক্ষেত্ৰীৰ বামুণবড়ীত ৬ জন জুৱাৰীক আটক আৰক্ষীৰ
নলবাৰী: বৰক্ষেত্ৰীৰ মুকালমুৱাৰ বামুণবড়ীত যোৱা নিশা আৰক্ষীয়ে জুৱা খেলৰ বিৰুদ্ধে অভিযান চলাই ৬ জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়।
দৌলাশাল আৰক্ষীয়ে বামুণবড়ীৰ বিতু আলী নামৰ লোক এজনৰ ঘৰত অভিযান চলাই ৬ জন জুৱাৰীক আটক কৰাৰ লগতে নগদ ধনৰ লগতে জুৱাখেলত ব্যৱহাৰ কৰা তাচপাত জব্দ কৰে। আটকাধীন জুৱাৰী কেইজন হৈছে বিটু আলী, আৰফান আলী, আবেদুৰ আলী, আতোৱাৰ ৰহমান, মন্টু আলী আৰু ফৰিদ আলী।
আৰক্ষীয়ে বিটু আলীৰ ঘৰত অভিযান চলাই আটাইকেইটা জুৱাৰীক আটক কৰি জুৱাৰীজনৰ পৰা নগদ ৪৩,৯০০ টকা আৰু জুৱা খেলত ব্যৱহৃত তাচপাত আৰু ৪ টা মোবাইল হেণ্ডছেট জব্দ কৰে। আটক কৰা আটাইকেইটা জুৱাৰীক আজি মুকালমুৱা আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।