Poet Litterateur Rabindra Bara Cremation at Navagraha Crematorium in Guwahati : আজি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ব প্ৰথিতযশা কবি-সাহিত্যিক ৰবীন্দ্ৰ বৰাৰ
নিউজ ডেস্ক,১২আগষ্ট : আজি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ব প্ৰথিতযশা কবি-সাহিত্যিক তথা সমালোচক ৰবীন্দ্ৰ বৰাৰ।সোমবাৰে পুৱা ১০ বজাত তেওঁৰ নশ্বৰ দেহ নেমকেয়াৰ হাস্পতালৰ পৰা জুৰোডৰ অপূৰ্ব সিনহা পথত থকা প্ৰশান্তি এপাৰ্টমেণ্টলৈ লৈ অনা হ’ব(Poet Litterateur Rabindra Bara Cremation at Navagraha Crematorium in Guwahati)।
জুৰোডৰ অপূৰ্ব সিনহা পথত তেওঁৰ নশ্বৰ দেহত আত্মীয় স্বজন তথা গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনাব। তাৰ পাছত ১১ বজাত তেওঁৰ নশ্বৰ দেহ নৱগ্ৰহ শ্মশানলৈ লৈ যোৱা হ’ব। তাতেই তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।
ইতিমধ্যে প্ৰয়াত ৰবীন্দ্ৰ বৰাক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ প্ৰশান্তি এপাৰ্টমেণ্টত বহু গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হৈছে।
লগতে পঢ়ক :Huge cache of arms seized in Dhekiajuli :ঢেকীয়াজুলিৰ বাতাচীপুৰত উদ্ধাৰ বৃহৎ অস্ত্ৰভাণ্ডাৰ