Local, Vocal, Global

Pobitora Wildlife Sanctuary reopens for tourist : পৰ্যটকৰ বাবে মুকলি কৰা হ’ল এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য

নিউজ ডেস্ক,১৪অক্টোবৰ : আজি পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্য়। সোমবাৰে দিনৰ ১০.৩০ বজাত ২০২৪-২০২৫ বৰ্ষৰ বাবে এশিঙীয়া গড়ৰ ৰম্যভূমি দ্বাৰ মুকলি কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা(Pobitora Wildlife Sanctuary reopens for tourist)।

বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমিপতে ফিটা কাটি অভয়াৰণ্যখনৰ দ্বাৰ মুকলি কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ কোৱৰ, জাগীৰোড সম জিলাৰ আয়ুক্ত বিমান দাসৰ লগতে বন বিভাগৰ উচ্চ পদস্থ বিষয়া সকল।

অৱশ্যে, পবিতৰাত জীপ চাফাৰি কৰিব পৰা পথ বন বিভাগে আজিও সুচল কৰা নাই। সেয়ে আজি হাডুকৰ উত্তৰ পাৰতেই ফিটা কাটে। উল্লেখ্য যে, ডাক বাংলাৰ সন্মুখত সাংবাদিকৰ প্ৰবেশ নিষেধ কৰা বুলি জনাইছে কৰ্তৃপক্ষই।

লগতে পঢ়ক : AGP’s foundation day at Sipajar : আজি অসম গণ পৰিষদ দলৰ ৪০সংখ্যক প্ৰতিষ্ঠা দিৱস