Local, Vocal, Global

Pobitora Wildlife Sanctuary Flooded : কাজিৰঙাৰ পিছত এইবাৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে এশিঙিয়া গঁড়ৰ ৰম্যভূমি পবিতৰাত

নিউজ ডেস্ক,৪জুলাই : কাজিৰঙাৰ পিছত এইবাৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে এশিঙিয়া গঁড়ৰ ৰম্যভূমি পবিতৰাত ৷

ইতিমধ্যে পবিতৰা অভয়াৰণ্যৰ প্ৰায় ৮০ শতাংশ এলেকা বুৰ গৈছে বানত ৷ বানৰ কবলত পবিতৰাৰ ১৫টাকৈ বন শিবিৰ৷ অভয়াৰণ্যখনৰ গঁড় আৰু আন আন জীৱজন্তু সমূহে আশ্ৰয় লৈছে ওখ স্থানত৷ পোহনীয়া হাতী কেইটাকো স্থানান্তৰ কৰা হৈছে মায়ঙৰ হিলৈখুন্দালৈ ৷

অৱশ্যে বানৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে পবিতৰা বন বিভাগ ৷ বানৰ সুযোগ গ্ৰহণ কৰি যাতে কোনো চোৰাং চিকাৰীয়ে অভয়াৰণ্যখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতিও চোকা নজৰ ৰাখিছে পবিতৰা কৰ্তৃপক্ষই(Pobitora Wildlife Sanctuary Flooded) ৷

বিশেষকৈ নিশাৰ ভাগত হাতনাও আৰু মেচিন চালিত নাৱেৰে টহল দিয়াৰ ব্যৱস্থা কৰিছে অভয়াৰণ্যখনত ৷

আনহাতে বন্য জীৱজন্তু সমূহে যাতে খাদ্য সংকটত নপৰে তাৰ প্ৰতিও সষ্টম হৈ আছে পবিতৰা বন বিভাগ ৷ উল্লেখযোগ্য যে, দুই এদিনত বানৰ প্ৰকোপ হ্ৰাস নাপালে খাদ্যৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব অভয়াৰণ্যখনৰ বন্য জীৱজন্তু সমূহ ৷

লগতে পঢ়ক : Assam flood situation worsens : ৰাজ্যত ক্রমাৎ ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি;ৰাজ্যৰ ২৯খন জিলাৰ প্ৰায় ২,৮০০খন গাঁও বানৰ কৱলত