Poaching in Bura Chapori Wildlife Sanctuary : বুঢ়াচাপৰি অভয়াৰণ্যত চোৰাং চিকাৰীৰ দপদপনি
জুৰীয়া, ৪ ডিচেম্বৰ : ৰাজ্যজুৰি বন্য জন্তু সংৰক্ষণৰ বাবে চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৷ কিন্তু ইমানৰ পিচতো গা লৰা নাই একাংশ অপৰাধী তথা চোৰাং চিকাৰীৰ ৷
এইবাৰ লাত্তখোৱা – বুঢ়াচাপৰি অভয়াৰণ্যৰ দাঁতি-কাষৰীয়া বিল খালত চোৰাং চিকাৰীৰ দপদপনি। নিশা হ’লেই অভয়াৰণ্যৰ দুখনৰ দাঁতি কাষৰীয়া বিল খাল সমূহত চোৰাং চিকাৰী নামি পৰে বনৰীয়া চৰাই নিধনত। একাংশ চোৰাং চিকাৰীয়ে বিভিন্ন বাদ্য যন্ত্ৰ প্ৰয়োগ কৰি বনৰীয়া চৰাই নিধনত লিপ্ত হবলৈ আৰম্ভ কৰিছে(Poaching in Bura Chapori Wildlife Sanctuary )।
দেওবাৰে নিশা লাত্তখোৱা – বুঢ়াচাপৰি অভয়াৰণ্যত লাত্তখোৱা বন বিভাগৰ অভিযান । অভিযানত চোৰাং চিকাৰীৰ কবলৰ পৰা উদ্ধাৰ ১৯ টাকৈ বনৰীয়া চৰাই(Bura Chapori Wildlife Sanctuary)।
চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগ সৰৱ হৈছে যদিও চোৰাং চিকাৰীক ধমন কৰিবলৈ সক্ষম হব পৰা নাই বন বিভাগে ।
নিশা হলেই লাওখোৱা অভয়াৰণ্যৰ দাতি কাষৰীয়া সুতিৰপাৰ, কছাৰী গাঁও,লালুং গাওঁ,কাষৰি,কালিয়াডিঙগা, দগাও,গড়াজান, শিঙিমাৰী,বালিচৰ আদি গাঁও সমুহত নিতৌ শ শ বনৰীয়া চৰাই নিধন হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে।
শীতকালত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিভিন্ন দেশৰ পৰা লাত্তখোৱা অভয়াৰন্যলৈ আহিছে পৰিভ্ৰমী চৰাই। তাৰে সুযোগলৈ লাত্তখোৱা অভয়াৰন্যৰ দাঁতি-কাষৰীয়া গাত্তঁ সমূহত একাংশ চোৰাং চিকাৰীয়ে বিভিন্ন বাদ্য যন্ত্ৰ প্ৰয়োগ কৰি চৰাই চিকাৰীত লিপ্ত হবলৈ আৰম্ভ কৰিছে।
দেওবাৰে নিশা লাত্তঁখোৱা অভয়াৰন্যৰ গড়াজান আঞ্চলিক বন বিষয়া ৰমেন গগৈৰ নেতৃত্বত এটি সজাতি দলে ৰূপহীহাটৰ ঘেহুৱা ছলছলী আৰু ঔ আনাত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই চোৰাং চিকাৰীৰ কৱলৰ পৰা ১৯ টা কৈ বনৰীয়া চৰাই উদ্দাৰ কৰে যদিত্ত কোনো লোকক কৰায়ত্ত কৰিব পৰা নাই।
উদ্ধাৰ কৰা চৰাইকেইটা লাত্তঁখোৱা অভয়াৰণ্যৰ দন্ধুৱা বিলত এৰি দিয়ে বন বিভাগে।
লগতে পঢ়ক : Road Accident in Morigaon : ৰৈ থকা ট্ৰাকত খুন্দা টাটা ACE বাহনৰ ; নিহত ৩ জন,আহত ৩জন