WATCH | Poacher Apprehended : ডিমৰীয়াৰ টোপাতলীৰ উমচিয়াঙত চোৰাং চিকাৰী গ্ৰেপ্তাৰ
সোণাপুৰ,২৬মাৰ্চ : ডিমৰীয়াৰ টোপাতলীৰ উমচিয়াঙত চোৰাং চিকাৰী গ্ৰেপ্তাৰ। জব্দ দুটাকৈ মৰণাস্ত্ৰ।
চোৰাং চিকাৰী দুজনৰ পৰা বৃহৎ পৰিমাণৰ হাতীৰ মাংস উদ্ধাৰ।
অসম মেঘালয় সীমান্তৰ ইষ্ট আপৰিকোলা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত গ্ৰেপ্তাৰ কৰে চোৰাং চিকাৰী দুটাক ।
হাতী চিকাৰৰ উদ্দেশ্যে বনাঞ্চলখনত প্ৰৱেশ কৰিছিল দুয়োজনে(Poacher Apprehended)।
চোৰাং চিকাৰী দুজনৰ পৰা বৃহৎ পৰিমাণৰ হাতীৰ মাংস উদ্ধাৰ কৰা হৈছে।
মেঘালয় আৰক্ষী আৰু সোণাপুৰৰ বন বিভাগৰ লোক আৰু স্থানীয় ৰাইজৰ তৎপৰতাত চোৰাং চিকাৰী দুজন গ্ৰেপ্তাৰ কৰা হয়।
উল্লেখ্য যে ১৮ মাৰ্চত সংৰক্ষিত বনাঞ্চল খনত উদ্ধাৰ হৈছিল এজনী গৰ্ভৱতী হাতীৰ মৃতদেহ ।
আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে আটকাধিন লোক দুজন মেঘালয়ৰ ৰিভয় জিলাৰ পামলাটোৰৰ কুৱেৰিনচ মুক্তি (27) আৰু জেৰিণ উম্ববা (32) ।
লগতে পঢ়ক : WATCH | Dibrugarh News : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজৰ সমন্বয়ত বাৰ্তা