Pneumonia outbreak kills over 200 children : পাকিস্তানত নিউমোনিয়াৰ সংহাৰ;মৃত্যু ২০০ৰো অধিক শিশু
ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ জানুৱাৰী : পাকিস্তানত নিউমোনিয়াৰ সংহাৰ ৷ বিগত তিনি সপ্তাহৰ পৰা পাকিস্তানৰ পঞ্জাব প্ৰান্তত নিউমোনিয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে ৷
শুকুৰবাৰে পাকিস্তাৰ চৰকাৰে প্ৰকাশ কৰা এক তথ্য অনুসৰি বিগত তিনি সপ্তাহত অত্যধিক ঠাণ্ডাৰ ফলতনিউমোনিয়াত আক্ৰান্ত হৈ প্ৰায় ২০০ৰো অধিক শিশুৰ মৃত্যু হয় । মৃত শিশুসকলৰ বয়স ৫বছৰতকৈ কম(Pneumonia Outbreak Kills 200 Children As Severe Cold Grips Punjab Province) ।
জানিব পৰা মতে , ১ জানুৱাৰীলৈ নিউমোনিয়াত আক্ৰান্ত হৈছে ১০ হাজাৰতকৈও অধিক শিশু ৷ বিগত বৰ্ষতো পাকিস্তানত নিউমোনিয়াত আক্ৰান্ত হৈ মৃত্যু হৈছিল ৯৯০টি শিশু ৷
পঞ্জাৱৰ কেয়াৰটেকাৰ চৰকাৰৰ জনোৱা অনুসৰি , মৃত্যু হোৱা বেছিভাগ শিশুৱেই “নিউমোনিয়াৰ টীকা লোৱা নাছিল,যাৰ ফলত পুষ্টিহীনতাত ভুগিছিল আৰু স্তনপানৰ অভাৱৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অভাৱ হৈছিল (Pneumonia outbreak kills over 200 children in Pakistan)।”
ইফালে পাকিস্তান চৰকাৰে বতৰৰ বাবে ৩১ জানুৱাৰীলৈকে পঞ্জাব প্ৰান্তত বিদ্যালয়সমূহ বন্ধ ৰখাৰ নিষেধাজ্ঞা আৰোপ কৰিছে।
উল্লেক্য যে, ১ জানুৱাৰীৰ পৰা দেশখনত মুঠ ১০,৫২০জন নিউমোনিয়াত আক্ৰান্ত হৈছে। ৫ বছৰৰ তলৰ শিশুৰ আটাইকেইটা ২২০ জনৰ মৃত্যু হোৱাৰ বিপৰীতে পঞ্জাৱৰ প্ৰাদেশিক ৰাজধানী লাহোৰত ৪৭ জনৰ মৃত্যু হৈছে যাৰ ফলত চিন্তিত হৈ পৰিছে(Pneumonia outbreak kills hundreds of children in Pakistan)।
উল্লেখ্য যে, পঞ্জাৱৰ এক্সপাণ্ডেড প্ৰগ্ৰেম অন ইমিউনাইজেশ্যনৰ সঞ্চালক মুখতাৰ আহমেদে কয় যে পাকিস্তানত শিশুক সাধাৰণতে জন্মৰ প্ৰায় ছয় সপ্তাহৰ পিছত তেওঁলোকৰ প্ৰথম এন্টি নিউমোনিয়া ভেকচিন পিচিভি নামৰ টীকা প্ৰদান কৰা হয়।জন্মৰ পৰা দুবছৰ বয়সলৈকে ইপিআইয়ে নিশ্চিত কৰে যে এটি শিশুৱে বিভিন্ন ৰোগৰ বিৰুদ্ধে ১২টা ভেকচিন লাভ কৰে। ইয়াৰে তিনিটা টীকা শিশুক নিউমোনিয়াৰ পৰা ৰক্ষা কৰিবলৈ। “বেক্টেৰিয়া আৰু ভাইৰাছ দুয়োটাৰে দ্বাৰা নিউমোনিয়া হ’ব পাৰে। টিকাকৰণ কৰা শিশু বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা নিৰাপদ যদিও তেওঁলোক ভাইৰাছৰ নিউমোনিয়াৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে( Pneumonia outbreak kills over 200 children in Pakistan)।”
লগতে পঢ়ক : Class X Student Goes Missing : ছাত্ৰী নিৰুদ্দেশক লৈ টিয়কত চাঞ্চল্য!