Local, Vocal, Global

PMAY scam in Sipajhar : ছিপাঝাৰ উন্নয়ন খণ্ডত PMAY গৃহৰ নামত কি চলিছে ?

ছিপাঝাৰ,৩০ডিচেম্বৰ : ছিপাঝাৰ উন্নয়ন খণ্ডত পি এম গৃহৰ নামত কি চলিছে ? ব্যাসপাৰা গাঁও পঞ্চায়তৰ দুৱৰীপাৰাত গছৰ তলত আদিম মানৱৰ দৰে বসবাস কুলন্দ্ৰ শৰ্মাৰ ; মুখ্যমন্ত্ৰীৰ ওচৰত জৰুৰী ব্যৱস্থা গঠনৰ দাবী

চৰকাৰে দুখীয়া দৰিদ্ৰ পৰিয়ালৰ জীৱন ধাৰণত সহায়ক হোৱাকৈ প্ৰধানমন্ত্ৰী আৱাস গৃহৰ অধীনত পঞ্চায়তৰ জৰিয়তে চৰকাৰী গৃহ আৱন্টন দি উপকৃত কৰি অহাৰ সময়তে ছিপাঝাৰ উন্নয়ন খণ্ডৰ ব্যাসপাৰা গাঁও পঞ্চায়তৰ দুৱৰীপাৰাৰ এটা বুভুক্ষু পৰিয়ালে আদিম মানৱৰ দৰে গছৰ তলত বাস কৰিবলগীয়া হোৱাৰ কাৰ্যই পি এম গৃহৰ নামত ছিপাঝাৰ উন্নয়ন খণ্ডত কি চলি আছে তাক লৈ সচেতন মহলক আচম্বতি কৰি তুলিছে(PMAY scam in Sipajhar)।

অভিযোগ অনুসৰি, উন্নয়ন খণ্ডটোৰ ব্যাসপাৰা গাঁও পঞ্চায়তৰ ভিতৰতে অতিকৈ ডাল দৰিদ্ৰ তথা এদিন হাজিৰা কৰিবলৈ পতি -পত্নী বাহিৰলৈ ওলাই নগলে আখলত জুই নজ্বলা কুলেন্দ্ৰ শৰ্মাৰ নামত পি এম গৃহ এটা আৱন্টন হোৱা বুলি প্ৰায় তিনিমাহ আগতে পঞ্চায়ত ধীৰাজ চহৰীয়া নামৰ জিপিচি গৰাকী ব্যক্তি গৰাকীৰ ঘৰলৈ গৈ হিতাধিকাৰী গৰাকীক বসবাস কৰি থকা জৰাজীৰ্ণ গৃহটি ভাগিলেহে আঁচনিৰ ধন একাউণ্টত সোমাব বুলি স্পষ্ট কৰি দিয়াত হিতাধিকাৰী গৰাকীয়ে একমাত্ৰ থকা গৃহটো ভাগি দি ঘৰৰ সমীপত থকা এডাল গছৰ তলত বসবাস কৰিবলৈ লয়।

কিন্তু আশ্বৰ্যজনক কথা যে আজি প্ৰায় তিনিমাহ অতিক্ৰম কৰাৰ পাছতো হিতাধিকাৰী গৰাকীৰ একাউণ্টত গৃহৰ ধন সোমোৱা নাই বুলি অভিযোগ কৰিছে।যাৰ বাবে হিতাধিকাৰীৰ পৰিয়ালটো প্ৰচণ্ড শীতত গছৰ তলতে যন্ত্ৰণা ভোগ কৰি দীৰ্ঘদিন বসবাস কৰি অহাত চৰ্দি -কাহ আদিৰ দৰে ৰোগত ভুগিব লগীয়া হোৱা বুলি প্ৰকাশ। ইফালে পঞ্চায়তখনত জিপিচি গৰাকীৰ ওপৰত আছে বহু অভিযোগ।হিতাধিকাৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ ওচৰত এক জৰুৰী কাৰ্য ব্যৱস্থাৰ দাবী জনাইছে।হিতাধিকাৰী গৰাকীৰ সমীপৰ লোক সকলেও হিতাধিকাৰী গৰাকীয়ে গছৰ তলত কষ্টময় জীৱন অতিবাহিত কৰি অহাত দুখ প্ৰকাশ কৰি বিভাগৰ ওচৰত কাৰ্য ব্যৱস্থাৰ দাবী জনাইছে।

লগতে পঢ়ক :Chutia Body Stages Sit-in Demand for ST Status: ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে চুতীয়া জাতি যুৱ সন্মিলনৰ অৱস্থান ধৰ্মঘট