PMAY scam in Goreshwar : গোৰেশ্বৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কেলেংকাৰীৰ অভিযোগ

গোৰেশ্বৰ, ৭ মাৰ্চ : প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনি ৰূপায়ণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ (Pradhan Mantri Awas Yojana) ৷
ৰাজ্যৰ বহুকেইখন জিলাৰ পঞ্চায়তে পঞ্চায়তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰীৰ খবৰে শেহতীয়াকৈ দখল কৰিছে বাতৰিৰ শিৰোনাম ৷ এইবাৰ গোৰেশ্বৰত PMAYৰ আঁচনি ৰূপায়ণত বৃহৎ কেলেংকাৰী (PMAY scam in Baksa) ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ অহাৰ পিছতো গা লৰা নাই একাংশ ভি.চি.ডি.চি.ৰ অধ্যক্ষ তথা সদস্যৰ । গোৰেশ্বৰত PMAY গৃহৰ নামত স্বজন-তোষণৰ অভিযোগ । একাংশ চৰকাৰী চাকৰিয়ালে লাভ কৰা PMAY ৰ গৃহ লাভৰ পৰা বঞ্চিত দৰিদ্ৰ হিতাধিকাৰী(PMAY scam in Goreshwar) ।
ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সকলো দৰিদ্ৰ হিতাধিকাৰীকে গৃহ দিয়াৰ কথা কৈ আহিছে, তেনে সময়তে গোৰেশ্বৰৰ বাঙালীপাৰাত গৃহ লভৰ পৰা বঞ্চিত হৈছে দৰিদ্ৰ হিতাধিকাৰী। পৰিবৰ্তনৰ শ্লোগান দি বিটিআৰৰ ক্ষমতালৈ অহা UPPL চৰকাৰৰ দিনত গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ দেউচুঙা ভিচিডিচিৰ অন্তৰ্গত বঙালীপাৰাত PMAY ৰ গৃহ আবণ্টনত ব্যাপক স্বজন তোষণ চলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি, গোৰেশ্বৰ BDO কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা ২০১৮-২০১৯ বৰ্ষৰ PMAYৰ প্ৰথমখন তালিকাত হিতাধিকাৰী হিচাপে বঙালীপাৰাৰ মালতী বৰ্মনৰ নাম আছিল। কিন্তু দ্বিতীয়খন তালিকাত ৰহস্যজনকভাবে মালতী বৰ্মনৰ নামটো কাটি দিয়া হয়। যাৰ ফলত PMAYৰ গৃহ লাভৰ বাবে সম্পূৰ্ণ যোগ্য হোৱাৰ পিছতো মালতী বৰ্মনৰ পৰিয়ালটোৱে প্ৰধান মন্ত্ৰীৰ আবাস গৃহৰ আবণ্টন পাবলৈ সক্ষম নহ’ল।
এনে পৰিস্থিতিত দৰিদ্ৰ পৰিয়ালটোৱে BDO ৰ কাৰ্যালয়ত গৈ তালিকাৰ পৰা নাম কৰ্তনৰ কাৰণ জানিবলৈ বিচৰাত ‘ওপৰৰ’ পৰা মালতী বৰ্মনৰ নামটো কাটি দিয়া বুলি খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে জানিবলৈ দি সমগ্ৰ বিষয়টোৰ পৰা গা এৰা দিয়ে। বৰ্তমান এটা জহিখহি যোৱা বাসগৃহত বসবাস কৰা দূৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালটোৰ প্ৰশ্ন, গাঁৱৰ কেইবাগৰাকী চৰকাৰী চাকৰি কৰা লোকে কেনেকৈ PMAYৰ গৃহ আবণ্টন লাভ কৰাৰ বিপৰীতে PMAYৰ গৃহ আবণ্টন লাভৰ পৰা কি কাৰণত বঞ্চিত হল এই দৰিদ্ৰ পৰিয়ালটো(PMAY scam in Goreshwar)। লগতে প্ৰথমখন তালিকাত নাম থকা হেতুকে তেওঁলোককো উক্ত আঁচনিৰ গৃহ আবণ্টন দিয়াৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ জনায়।
লগতে পঢ়ক : Drugs Peddler Arrested : গোৰেশ্বৰত গাঞ্জাসহ আটক সৰবৰাহকাৰী