Local, Vocal, Global

PMAY scam in Charaideo : চৰাইদেউত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কেলেংকাৰীৰ অভিযোগ

সোণাৰী,২৮মাৰ্চ : প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনি ৰূপায়ণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ (Pradhan Mantri Awas Yojana) ৷

ৰাজ্যৰ বহুকেইখন জিলাৰ পঞ্চায়তে পঞ্চায়তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰীৰ খবৰে শেহতীয়াকৈ দখল কৰিছে বাতৰিৰ শিৰোনাম ৷ এইবাৰ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত বনমালী চাহ বাগিছাত PMAYৰ আঁচনি ৰূপায়ণত বৃহৎ কেলেংকাৰী (PMAY scam in Charaideo) ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ অহাৰ পিছতো গা লৰা নাই একাংশ ভি.চি.ডি.চি.ৰ অধ্যক্ষ তথা সদস্যৰ ।চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত বনমালী চাহ বাগিছাত PMAY গৃহৰ নামত স্বজন-তোষণৰ অভিযোগ ।(PMAY scam in Charaideo) ।

ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সকলো দৰিদ্ৰ হিতাধিকাৰীকে গৃহ দিয়াৰ কথা কৈ আহিছে, তেনে সময়তে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম! বিজেপি পালি নেতাৰ বিৰুদ্ধে লুণ্ঠনৰ গুৰুতৰ অভিযোগ ।

চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত বনমালী চাহ বাগিছাৰ ভূঞা লাইনত দৰিদ্ৰ শ্ৰমিক পৰিয়ালৰ বাবে আৱন্টিত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ বাসগৃহৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে। ১২ টা পৰিয়ালৰ বাবে ২০২২ চনতে আৱন্টন পোৱা বাসগৃহ হিতাধিকাৰীয়ে আজিকোপতি লাভ নকৰিলে।এইক্ষেত্ৰত দিচাংপানী পঞ্চায়তৰ ৪ নং ৱাৰ্ড মেম্বাৰ গৰাকীৰ স্বামীৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ।

আবাস গৃহ বনাই দিয়াৰ প্ৰতিশ্ৰুতি দি বেংকৰ পৰা হিতাধিকাৰীৰ একাউণ্টত সোমোৱা সমুদায় ধন উলিয়াই নিও বিগত দুটা বছৰে আবাস গৃহ নিৰ্মাণ নকৰাৰ অভিযোগ তুলি ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজ । দৰিদ্ৰ হিতাধিকাৰীৰ ধন আত্মসাৎ কৰা অভিযুক্ত বিজেপিৰ পালিনেতাৰ বিৰুদ্ধে অতি শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অঞ্চলবাসীয়ে।

লগতে পঢ়ক : Centre extends AFSPA in several districts of Nagaland for another six months : নাগালেণ্ডত ছমাহৰ বাবে AFSPAৰ সময়সীমা বৃদ্ধি