Local, Vocal, Global

PM to inaugurate multiple projects in Dwarka : দ্বাৰকা আৰু ৰাজকোট ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী;উদ্ধোধন কৰিব একাধিক প্ৰকল্পৰ

নেশ্যনেল ডেস্ক, ২৫ ফেব্ৰুৱাৰী : দ্বাৰকা আৰু ৰাজকোট ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আজি দ্বাৰকা আৰু ৰাজকোট ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।দ্বাৰকাত উদ্ধোধন কৰিব একাধিক প্ৰকল্পৰ ।

আজি দ্বাৰকাধীশ পৰিদৰ্শনৰ পিছত আবেলি এখন ৰাজহুৱা সভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে । লগতে ওখা আৰু বেট দ্বাৰকাৰ মাজৰ সুদৰ্শন সেতুও উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ।ইফালে আবেলি ৩ বজাত ৰাজকোটত গুজৰাটৰ প্ৰথম এইমছৰ আইপিডি উদ্বোধন কৰিব(PM to inaugurate multiple projects in Dwarka) ।

উল্লেখ্য , ইতিমধ্যে সম্পূৰ্ণ হৈছে ওখা আৰু বেট-দ্বাৰকাক সংযোগ কৰা সুদৰ্শন সেতু । ৯৭৮.৯৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই সেতুখন । আজি সাধাৰণ ৰাইজৰ বাবে মুকলি কৰিব ৯৭৮.৯৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা সেতুখন।

ওখাৰ পৰা বেট দ্বাৰকালৈ যাবলৈ লোকসকলে ফেৰী ব্যৱহাৰ কৰিব লাগে । সেতুখন নিৰ্মাণৰ লগে লগে যাত্ৰী তথা পৰ্যটকসকলৰ যথেষ্ট সুবিধা হ’ব । ওখা আৰু বেট দ্বাৰকাক সংযোগ কৰা ৪ লেনযুক্ত সেতুখন ৯০০ মিটাৰ দীঘল । ইয়াক মূলক কেৱল মডিউলৰ ওপৰত নিৰ্মাণ কৰা হৈছে । ওখা আৰু বেট দ্বাৰকাৰ দুয়োফালে ২৪৫২ মিটাৰ দীঘল পথ নিৰ্মাণ কৰা হ’ব আৰু দলংখনৰ মুঠ দৈৰ্ঘ্য হ’ব ২৩২০ মিটাৰ । সেতুখনৰ মুখ্য অংশত ১৩০ মিটাৰ ওখ দুটা পাইলন আছে( PM to inaugurate 5 AIIMS all over India) ।

এই সেতুখন মুকলি কৰাৰ পিচত আবেলি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজকোট এইমছৰ ২৫০ খন বিচনাযুক্ত আইপিডি বিভাগ উদ্বোধন কৰিব । দ্বাৰকাত কাৰ্যসূচী সমাপ্ত কৰাৰ পিচত, প্ৰধানমন্ত্ৰীয়ে হেলিকপ্টাৰেৰে ৰাজকোট এইমছত উপস্থিত হ’ব । ৰাজকোট এইমছৰ নিৰ্মাণ কাৰ্য ক’ভিডৰ এবছৰ পূৰ্বতে আৰম্ভ হৈছিল । গোটেই প্ৰকল্পটো ১২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব ।

বৰ্তমান, ৰাজকোট এইমছত ৰোগীসকলক অ’পিডি চিকিৎসা প্ৰদান কৰা হৈছে । এই গোটেই এইমছখন আৰম্ভ হ’বলৈ এবছৰ সময় লোৱাৰ সম্ভাৱনা আছে । প্ৰধানমন্ত্ৰী মোদীয়ে হেলিকপ্টাৰেৰে ৰাজকোট এইমছৰ পৰা পুৰণি বিমানবন্দৰলৈ ৰাওনা হ’ব । প্ৰধানমন্ত্ৰী মোদীয়ে পুৰণি বিমানবন্দৰৰ পৰা এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব ।

ৰাজকোট মহানগৰ বিজেপিয়ে এই ৰোড শ্ব’ৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে । ৰোড শ্ব’টোত ২০,০০০ ৰো অধিক লোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : Road Accident in Rangia : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য; নম্বৰ প্লেট বিহীন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত আহত দুই বাইক আৰোহী