Israel Hamas War : হামাজত বন্দী ২৪০ গৰাকী লোকক মুকলি কৰি নিদিয়ালৈকে যুদ্ধবিৰতিৰ কথা চিন্তা নকৰাৰ হুংকাৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৬ নৱেম্বৰ : পুনৰ গাজাত যুদ্ধবিৰতিৰ আহ্বান নাকচ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ । হামাজত বন্দী ২৪০ গৰাকী লোকক মুকলি কৰি নিদিয়ালৈকে যুদ্ধবিৰতিৰ কথা চিন্তা নকৰাৰ হুংকাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ।
নিজৰ স্থিতিত অটল আছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু । কোনো কাৰণতে যুদ্ধবিৰতিৰ কথা চিন্তা নকৰাৰ হুংকাৰ প্ৰধানমন্ত্ৰীৰ । ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে বায়ু সেনা ঘাটিত ইজৰাইলী সামৰিক বাহিনীকো সাক্ষাৎ কৰে আৰু তেওঁলোকক ‘যুদ্ধবিৰতি’ শব্দ আঁতৰাব পৰামৰ্শ দিয়ে(“No ceasefire until hostages returned…” PM Netanyahu asks forces to remove ceasefire from lexicon) ।
লক্ষণীয়ভাৱে ইয়াৰ মাজতে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে হামাছক সকীয়নি প্ৰদান কৰে আৰু হামাছৰ শীৰ্ষ নেতা য়িহাইহ ছিনৱাৰক হত্যা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।
উল্লেখ্য যে,অব্যাহত আছে ইজৰাইল হামাজৰ যুদ্ধ । ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধ সাম কটাৰ যেন নামে লোৱা নাই(Israel Hamas War) ।
বৰ্তমান ইজৰাইল-হামাছৰ যুদ্ধয়ে লৈছে বিধ্বংসী ৰূপ ৷ অন্ত পৰা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ বিভীষিকা ৷ অব্যাহত আছে দুয়োখন দেশৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ । এই আক্ৰমণ-প্ৰত্যাক্ৰমণ মাজতে অকালতে প্ৰাণ হেৰুৱাব কৰিবলগীয়া হৈছে দুয়োখন দেশৰ হেজাৰ হেজাৰ নিৰপৰাধী লোকে(PM Netanyahu Rejects Call For A Ceasefire In Gaza Until Hostages Are Released)।
ইজৰাইল-হামাছৰ যুদ্ধৰ প্ৰায় এমাহৰ পিছতো ইজৰাইলে ধাৰাবাহিকভাৱে হামাছৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে। ইজৰাইলে লক্ষ্য কৰি লৈছে পেলেষ্টাইনৰ শৰণাৰ্থী শিবিৰ(Warplanes strike Gaza refugee camp) ৷
হামাছক নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি ইজৰাইলৰ । ইজৰাইল আৰু হামাছৰ যুদ্ধ দিনক দিনে বেয়াৰ ফালে ঢাল খাইছে । ইজৰাইল সেনাৰ স্থল আৰু বায়ু আক্ৰমণৰ ফলত গাজাত হাজাৰ হাজাৰ পেলেষ্টাইনীৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে । ইয়াৰ মাজতে হামাছেও ইজৰাইলক লক্ষ্য কৰি মিছাইল আক্ৰমণ অব্যাহত ৰাখিছে ।
ইজৰাইলে দাবী কৰা অনুসৰি হামাছে বন্দী কৰি ৰাখিছে বহু ইজৰাইলী সেনা, সাধাৰণ নাগৰিক আৰু বিদেশী নাগৰিকক ।
ইফালে গাজাৰ পৰা বহু নাগৰিক দক্ষিণলৈ স্থানান্তৰ হৈছে যদিও এতিয়াও বহু নাগৰিক গাজা ষ্ট্ৰিপৰ ওচৰে পাজৰে আছে । যাৰ বাবে বিভিন্ন দেশে এই যুদ্ধ পৰিস্থিতিৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে । আমেৰিকাকে ধৰি বিভিন্ন দেশে ইজৰাইলক যুদ্ধবিৰতিৰ বাবে আবেদনো জনাইছে যদিও ইজৰাইলে কোনো পৰিস্থিতিতে যুদ্ধবিৰতি ঘোষণা নকৰাৰ স্থিতিত আছে ।
লগতে পঢ়ক :Israel-Hamas war : অব্যাহত আছে ইজৰাইলৰ হামাছৰ ওপৰত আক্ৰমণ