Local, Vocal, Global

PM Narendra Modi to attend Brics Summit in Russia: পুনৰ বিদেশ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক,২০অক্টোবৰ : পুনৰ বিদেশ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।এইবাৰ ৰাছিয়া ভ্ৰমণৰ বাবে সাজু প্ৰধানমন্ত্ৰী।

অহা ২২-২৩ অক্টোবৰত ৰাছিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে মোদীৰ ৰুছ ভ্ৰমণৰ তথ্য সদৰী কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এক বিবৃতিযোগে জনাই যে, ৰাছিয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিকছৰ সদস্য দেশসমূহৰ মুৰব্বী আৰু কাজানলৈ আমন্ত্ৰিত নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব পাৰে(PM Narendra Modi to attend Brics Summit in Russia)।

উল্লেখ্য যে ৰাছিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এইবাৰৰ ব্ৰিকছ সন্মিলন। এইবাৰৰ ব্ৰিকছ সন্মিলনৰ Theme হৈছে ‘গোলকীয় উন্নয়ন আৰু নিৰাপত্তাৰ বাবে বহুপক্ষীয়তাবাদ শক্তিশালী কৰা’। এই সন্মিলনে দেশসমূহৰ নেতাসকলক বিশ্বৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে বিবৃতিটোত উল্লেখ কৰে। সন্মিলনত সকলো সদস্য দেশৰ ৰাষ্ট্ৰপতিসকল উপস্থিত থাকিব।

ব্ৰিকছ সন্মিলনৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই সময়ত ৰাছিয়াত উপস্থিত থকা বহু দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিসকলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক :Food poisoning in Sarupathar: খাদ্যত বিষক্রিয়া ! সকামৰ জলপান খাই অসুস্থ ৪১ গৰাকীকৈ লোক