Local, Vocal, Global

PM Narendra Modi’ Russia Visit: আজি ৰাছিয়ালৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক,২১অক্টোবৰ : আজি ৰাছিয়ালৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২২-২৩ অক্টোবৰত ৰাছিয়াত অনুষ্ঠিত BRICS সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। সন্মিলনত অংশগ্ৰহণ কৰা নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী(PM Narendra Modi’ Russia Visit)।

উল্লেখ্য যে ৰাছিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এইবাৰৰ ব্ৰিকছ সন্মিলন। এইবাৰৰ ব্ৰিকছ সন্মিলনৰ Theme হৈছে ‘গোলকীয় উন্নয়ন আৰু নিৰাপত্তাৰ বাবে বহুপক্ষীয়তাবাদ শক্তিশালী কৰা’। এই সন্মিলনে দেশসমূহৰ নেতাসকলক বিশ্বৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে বিবৃতিটোত উল্লেখ কৰে। সন্মিলনত সকলো সদস্য দেশৰ ৰাষ্ট্ৰপতিসকল উপস্থিত থাকিব(Prime Minister Narendra Modi to Attend 16th BRICS Summit in Russia)।

লগতে পঢ়ক :Congress names four candidates for Assam bypolls : জল্পনা কল্পনা অন্ত! ৪ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা