Local, Vocal, Global

PM Narendra Modi reacts to Vinesh Phogat’s disqualification : পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিক্ৰিয়া ব্যক্ত

নিউজ ডেস্ক,৭আগষ্ট : পেৰিছ অলিম্পিকৰ মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰা বিনেশ ফোগাটক ফাইনেল মেচৰ পূৰ্বে অযোগ্য ঘোষণা। মঙ্গলবাৰে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত জাপানৰ শক্তিশালী প্ৰতিদ্বন্দি য়ু চুচাকিক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰা বিনেশ ফোগাটে আজি নিশা ১১-৪০ বজাত ফাইনেল খেলাৰ কথা আছিল। কিন্ত ইয়াৰ পূৰ্বেই আহিল এই বেয়া খবৰ। ৫০ কেজি শাখাত স্বৰ্ণ পদকৰ বাবে যুঁজৰ পূৰ্বে ওজন বেছি হোৱা বাবে তেওঁক অযোগ্য ঘোষণা কৰা হয়(PM Narendra Modi reacts to Vinesh Phogat’s disqualification)।

পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ছ’চিয়েল মিডিয়া পোষ্টযোগে মল্লযোদ্ধাজনক আশা নেহেৰুৱাই শক্তিশালী প্ৰত্যাৱৰ্তন কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘ভিনেশ, তুমি চেম্পিয়নসকলৰ মাজৰ এজন চেম্পিয়ন! তুমি ভাৰতৰ গৌৰৱ আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণা। আজিৰ বিফলতাই দুখ দিছে। মই আশা কৰোঁ যে মোৰ এই শব্দবোৰে মই অনুভৱ কৰি থকা বিষাদৰ অনুভূতিক প্ৰকাশ কৰিব পাৰিব। একে সময়তে, মই জানো যে তুমি দৃঢ়তাৰ প্ৰতীক। প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাত তুমি সিদ্ধহস্ত। শক্তিশালী হৈ উভতি আহা! আমি সকলোৱে তোমাৰ বাবে বাট চাই আছোঁ( PM Modi On Vinesh Phogat’s Disqualification: “Come Back Stronger”)।’

লগতে পঢ়ক : Vinesh Phogat disqualified from 50kg wrestling final for being overweight : ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটক অলিম্পিকৰ পৰা অযোগ্য ঘোষণা