Local, Vocal, Global

PM Narendra Modi Pays Tributes Ahead Of Third Consecutive Swearing-In : শপত গ্ৰহণৰ পূৰ্বে পুৱা ৰাজঘাটলৈ নৰেন্দ্ৰ মোদী; ৰাজঘাটত মাহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন নৰেন্দ্ৰ মোদীৰ

নিউজ ডেস্ক,৯জুন : আজি তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। আজি সন্ধিয়া ৭ বাজি ১৫ মিনিটত ৰাষ্ট্ৰপতি ভৱনত নৰেন্দ্ৰ মোদীয়ে ল’ব শপত। প্ৰধানমন্ত্ৰীক শপতবাক্য পাঠ কৰাব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে।

তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণৰ পূৰ্বে আজি পুৱাই ৰাজঘাটত উপস্থিত হয় নৰেন্দ্ৰ মোদীয়ে । ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাই নৰেন্দ্ৰ মোদীয়ে(PM Narendra Modi Pays Tributes Ahead Of Third Consecutive Swearing-In)।

ইয়াৰ পিছতে ‘সদৈৱ অটল’ত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জনাই । মহাত্মা গান্ধী আৰু অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত ‘যুদ্ধ স্মাৰক’ত উপস্থিত হৈ বীৰ শ্বদীদক শ্ৰদ্ধাঞ্জলি জনালে নৰেন্দ্ৰ মোদীয়ে। জৱাহৰলাল নেহৰুৰ পাছত ক্ৰমাগত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি আজি ইতিহাস ৰচনা কৰিব নৰেন্দ্ৰ মোদীয়ে।

লগতে পঢ়ক : PM Narendra Modi To Take Oath Today : আজি তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে