PM Narendra Modi Inaugurates India’s Longest Cable-Stayed Bridge : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে দেশৰ আটাইতকৈ দীঘল কেবল দলং ‘সুদৰ্শন সেতু’
নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী মোডীয়ে আজি উন্মোচন কৰিলে বেইট দ্বাৰকা দ্বীপৰ সৈতে সংযোগ কৰা দলং ‘সুদৰ্শন সেতু’। দেশৰ আটাইতকৈ দীঘল কেবল দলং খন হ’ল ‘সুদৰ্শন সেতু(PM Narendra Modi Inaugurates India’s Longest Cable-Stayed Bridge) ।
উল্লেখ্য় যে, ‘সুদৰ্শন সেতু’ দলংখনত আছে ভাগৱতৰ শ্লোক আৰু ভগৱান শ্ৰীকৃষ্ণৰ চিত্ৰৰে বিশেষভাৱে সজাই তোলা পদপথ । ইয়াৰ লগতে স্থাপন কৰা হৈছে সৌৰ পেনেল । যিবোৰৰ এক মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ ক্ষমতা আছে(PM inaugurates Sudarshan Setu connecting Okha mainland and Beyt Dwarka island in Gujarat)।
প্ৰায় ৯৮০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে ‘সুদৰ্শন সেতু’ দলংখন । ২.৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ ভিতৰতে আটাইতকৈ দীঘল কেবল ষ্টেইড ‘সুদৰ্শন সেতু’ দলং ।
ইয়াৰেপৰি আজি প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশৰ স্বাস্থ্য, আন্তঃগাঁথনি, শক্তি আৰু পৰ্যটনৰ ক্ষেত্ৰত ৫২,২৫০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ ৰাজকোট (গুজৰাট), বাথিণ্ডা (পাঞ্জাব), ৰায়ে বৰেলী (উত্তৰ প্ৰদেশ), কল্যানী (পশ্চিম বংগ) আৰু মংগলাগিৰি (অন্ধ্ৰপ্ৰদেশ)ত অৱস্থিত পাঁচটা নতুন সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ (AIIMS) শুভ উদ্বোধন কৰিব।
এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজকোটত অংশ লোৱাৰ বিপৰীতে তেওঁ আন ঠাইৰ লগত ভাৰ্চুৱেলি যোগদান কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও নবীকৰণযোগ্য শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।
লগতে পঢ়ক : Huge quantity of drugs seized in Manipur : মণিপুৰত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী