PM Narendra Modi inaugurates 17 Food Safety on Wheels in Assam : গুজৰাটত ভাৰ্চুৱেলি শুভ উদ্বোধন অসমৰ কেবাটাও প্ৰকল্পৰ প্ৰধানমন্ত্ৰী মোডীৰ

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰী : দেওবাৰে গুজৰাটৰ ৰাজকোটত আয়োজিত এক অনুষ্ঠিত ভাৰ্চুৱেলি অসমৰ কেবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে(PM Narendra Modi inaugurates 17 Food Safety on Wheels in Assam) ৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলি উন্মোচন কৰে স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগৰ খাদ্য সুৰক্ষা আয়ুক্তৰ অধীনত গুৱাহাটীৰ বামুণীমৈদামত থকা ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰ, অসমত নতুনকৈ স্থাপন কৰা মাইক্ৰ’বায়’লজী লেবৰেটৰী আৰু ১৭ খন ফুড ছেফটি অন হুইল (FSW) বাহন ৷ ইয়াৰে মূল্য প্ৰায় ১৩.১১ কোটি টকা ।এই প্ৰকল্প উন্মোচন অনুষ্ঠানত গুৱাহাটীত উপস্থিত থাকে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, কুইন ওজাৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তি(PM Modi inaugurates microbiology lab and 17 Food Safety on Wheels (FSWs) in Assam) ৷
উল্লেখ্য যে, সমগ্ৰ অসমতে খাদ্য পৰীক্ষণৰ আন্তঃগাঁথনি বৃদ্ধিৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে ভাৰতীয় খাদ্য সুৰক্ষা মানদণ্ড প্ৰাধিকৰণে গুৱাহাটীত এই পৰীক্ষাগাৰটো স্থাপন কৰে ।
তদুপৰি, খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ দিশত অসমলৈ এফ এছ ডব্লিউ নামেৰে পৰিচিত ১৭ টা ভ্ৰাম্যমাণ খাদ্য পৰীক্ষণ পৰীক্ষাগাৰৰ ব্যৱস্থা কৰা হৈছে । গুজৰাটৰ ৰাজকোটত অনুষ্ঠিত এই অনুষ্ঠানৰ এক বিবৃতিত উপৰোক্ত সকলোবোৰ কথা উল্লেখ কৰা হৈছে(PM launches microbiology lab, 17 food testing vehicles for Assam) ৷
FSSAI (food Safety and Standards Authority of India) আৰু অসম চৰকাৰৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত কৰা হৈছে ৷ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণৰ অধীনত ৪.৬৪ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা হৈছে অতি অত্যাধুনিক অণুজীৱবিজ্ঞান পৰীক্ষাগাৰ ৷
জানিব পৰা মতে, এই পৰীক্ষাগাৰটোৱে খাদ্য সামগ্ৰীৰ নমুনা বিশ্লেষণ কৰি ক্ষতিকাৰক ৰোগ সৃষ্টিকাৰী জীৱাণু চিনাক্তকৰণ কৰিবলৈ সক্ষম হ’ব ৷ যাৰ ফলত খাদ্য সুৰক্ষাৰ মানদণ্ড আৰু খাদ্যজনিত ৰোগ প্ৰতিৰোধ কৰাত সক্ষম হ’ব ৰাজ্যৰ খাদ্য বিভাগ ।
এই পৰীক্ষাগাৰটোত গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী, পানী, খাদ্য শস্য, ফল-মূল আৰু শাক-পাচলি আদিকে ধৰি বিভিন্ন খাদ্য সামগ্ৰীৰ অণুজীৱ বিজ্ঞানৰ পৰিমাপসমূহ বিশ্লেষণ কৰিব পাৰিব ।
লগতে পঢ়ক : Drugs Peddler Arrested : ৰঙিয়াত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী