Local, Vocal, Global

Chandrayaan-3 : ভাৰতত উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ ঘোষণা

নেশ্যনেল ডেস্ক, ২৬আগষ্ট : শনিবাৰে পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশৰ পৰা উভতি আহে আৰু উভতি আহিয়ে ইছৰোৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰে ।বিমানবন্দৰৰ পৰা পোনে পোনে ইছৰ’ৰ মুখ্য কাৰ্যালয়লৈ ৰাওনা হয় প্ৰধানমন্ত্ৰীগৰাকীয়ে । চন্দ্ৰযান-৩ৰ সফল অভিযানৰ পাছত বিদেশৰ পৰা উভতি আহি বাংগালুৰুৰ ইছৰো টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্কত (আইএছটিআৰএচি) উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ইছৰোৰ প্ৰতিগৰাকীৰ কৰ্মকৰ্তাৰ লগত মত বিনিময় কৰে আৰু চন্দ্ৰযান-৩ৰ সফল অভিযানৰ অভিনন্দন জনায়(Chandrayaan-3)।

লগতে ভাৰতত উপস্থিত হৈয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে ।প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, ২৩ আগষ্টৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে পালন কৰা হ’ব । কিয়নো ২৩ আগষ্টৰ দিনটো ভাৰতৰ মহাকাশ যাত্ৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন ।২৩আগষ্ট শণিবাৰে ইছৰো কেন্দ্ৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ বিজ্ঞানীসকলৰ সৈতে বাৰ্তালাপ কৰি এই কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে(PM Modi declares August 23 as National Space Day) ।

বিশ্বত এতিয়াই চৰ্চা লাভ কৰিছে চন্দ্ৰযান-৩ অভিযানৰ সফলতাই।২৩ আগষ্টৰ দিনা চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কৰে চন্দ্ৰযান-৩য়ে। যাৰ বাবে ২৩ আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে পালন কৰা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।কিয়নো এই দিনটোৱে প্ৰতিগৰাকী ভাৰতীয়ক সদায় অনুপ্ৰাণিত কৰি তুলিব।তেখেতে গ্ৰীচৰ পৰা পোনপটীয়াকৈ বাংগালুৰুত উপস্থিত হৈ ইছৰোৰ কমাণ্ড চেন্টাৰত বিজ্ঞানীসকলক সাক্ষাৎ কৰে(PM Modi Meets Chandrayaan-3 Team At Bengaluru ISRO Centre)।

ইছৰ’ৰ বিজ্ঞানীসকলৰ লগত হোৱা সাক্ষাৎত প্ৰধানমন্ত্ৰীৰ মোডীয়ে কয় , আজি আপোনালোকৰ মাজলৈ আহি আনন্দ অনুভৱ কৰিছো। ২৩ আগষ্টৰ সেই ঐতিহাসিক দিনটোৰ এটা এটা ছেকেণ্ড চকুৰ আগত বাৰে বাৰে ভাহি আছে।”জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান, জয় অনুসন্ধন,” বাক্যৰে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে- ইছৰোৰ এই সফলতাত উৎফুল্লিত ভাৰতীয়ই সেই ঐতিহাসিক ক্ষণক কেতিয়াও পাহৰিব নোৱাৰে(India will celebrate August 23 as National Space Day to mark Chandrayaan-3 success)।

যেতিয়া Touch Down কনফাৰ্ম হ’ল, যেতিয়া ইছৰ’ চেণ্টাৰত, সমগ্ৰ দেশ আনন্দিত হৈছিল, সেই দৃশ্য কোনে পাহৰিব পাৰে? ইছৰ’ৰ বিজ্ঞানীসকলক মোদীয়ে কয় যে আমাৰ ‘মুন লেণ্ডাৰ’–এ ‘অংগদ’ৰ দৰে চন্দ্ৰমাত শক্তিশালী খোজ পেলাইছে। এফালে বিক্ৰমৰ বিশ্বাস, আনফালে প্ৰজ্ঞানৰ পৰাক্ৰম। আজি সমগ্ৰ বিশ্বই ভাৰতৰ বিজ্ঞান যাত্ৰা, আমাৰ প্ৰযুক্তি আৰু আমাৰ Scientific Temperament মানিবলৈ বাধ্য হৈছে। চন্দ্ৰযান মহা অভিযান কেৱল ভাৰৰে নহয়, সমগ্ৰ মানৱতাৰ সফলতা।

লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, চন্দ্ৰযান -৩ৰ সফলত অৱতৰণৰ সেই মুহূৰ্তত প্ৰতিজন ভাৰতীয়ই এই জয়ক নিজৰ জয় হিচাবে অনুভৱ কৰিছিল। লেণ্ডাৰ বিক্ৰম তথা ৰোভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠ অৱতৰণ কৰা দৃশ্য চোৱাৰ কথাও ভাষণত উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।তদুপৰি ভাষণত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে- ইছৰোৰ এই সফলতাৰ বাবেই বিশ্ববাসীয়ে ভাৰতৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ জয়গান গাইছে। এই সফলতা মানৱতাৰ জয় বুলি কৈ চন্দ্ৰযান-৩য়ে উদ্ঘাটন কৰা তথ্যই বিশ্বৰ প্ৰতিখন দেশৰে সহায়ক হিচাবে থিয় দিব বুলি তেওঁ বক্তব্যত সামৰি লয়।

লগতে পঢ়ক :PM Modi meets ISRO scientists : ISRO ৰ বিজ্ঞানীসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ;চন্দ্ৰমাত চন্দ্ৰযান–৩য়ে অৱতৰণ কৰা স্থানক ‘শিৱশক্তি’ নামেৰে নামকৰণ