WATCH | PM Narendra Modi: ‘‘পানী আৰু তেজ একেলগে নবয়’’- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
নিউজ ডেস্ক,১৩মে’ : অপাৰেচন সিন্দূৰৰ পিছত প্ৰথমবাৰলৈ দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰক সম্বোধন কৰি পাকিস্তানক কঠোৰ সকীয়নি প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, “সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি সকলোৱে একত্ৰিত হোৱা, আমাৰ একতা আমাৰ আটাইতকৈ ডাঙৰ শক্তি। নিশ্চিতভাৱে এই যুগ যুদ্ধৰ বাবে নহয়, কিন্তু এই যুগ সন্ত্ৰাসবাদীৰো নহয়। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, পানী আৰু তেজ একেলগে নবয়। পাকিস্তানৰ লগত আলোচনা হ’লে কেৱল সন্ত্ৰাসবাদী আৰু PoKক লৈহে হ’ব। আজি বৌদ্ধ পূৰ্ণিমা, ভগৱান বুদ্ধই শান্তিৰ কথা কৈছিল। মই পুনৰবাৰ ভাৰতীয় সেনাৰ ছ্যেলুট জনাইছোঁ।”
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, আমাৰ বীৰ সৈনিকসকলে যি অসীম সাহসিকতা প্ৰদৰ্শন কৰিলে, তেওঁলোকৰ বীৰত্ব, সাহস, পৰাক্ৰমক আমাৰ দেশৰ সকলো মাতৃ, ভগ্নী আৰু কন্যাৰ প্ৰতি সমৰ্পণ কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ২২ এপ্ৰিলত পেহেলগামত সন্ত্ৰাসবাদীয়ে যি বৰ্বৰতা দেখুৱাইছিল, অৱসৰৰ সময় কটাই থকা নিৰীহ নাগৰিকক নিৰ্মমভাৱে হত্যা কৰাটো সন্ত্ৰাসবাদীৰ বীভৎসতা, ক্ৰুৰতা আছিল। ব্যক্তিগতভাৱে মোৰ বাবে এই যন্ত্ৰণা বহু ডাঙৰ(PM Narendra Modi)।
এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত গোটেই নিশা প্ৰতিজন নাগৰিক, সমাজ, সকলো বৰ্গই একেস্বৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল। আমি সন্ত্ৰাসবাদীক মাটিৰ সৈতে মিহলাই দিয়াৰ বাবে সেনাক দায়িত্ব এৰি দিছিলো।আজি প্ৰতিজন সন্ত্ৰাসবাদী, সন্ত্ৰাসবাদী সংগঠনে গম পাইচে যে আমাৰ ভগ্নী-কন্যাৰ শিৰৰ সেন্দূৰ মচাৰ পৰিণাম কি হ’ব পাৰে।
লগতে পঢ়ক : WATCH | One killed in wild Elephant attack: বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন লোকৰ