Local, Vocal, Global

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোডীৰ

নিউজ ডেস্ক,৭ মাৰ্চঃ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীৰ সৈতে আজি ৩৫ মিনিট জোৰা টেলিফোন যোগে বাৰ্তালাপ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
প্ৰধানমন্ত্ৰী মোডীয়ে আজি দ্বিতীয়বাৰৰ বাবে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে কথা পাতে। মোডী আৰু জেলেনস্কিয়ে যুদ্ধৰ স্থিতি আৰু অন্য দিশসমূহৰ পোনপটীয়া আলোচনাৰ পোষকতা কৰিছে। লগতে ইউক্ৰেইনত আবদ্ধ ভাৰতীয়সকলক স্থানান্তৰ কৰাত জেলেনস্কীৰ চৰকাৰে কৰা সহায়ৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কীক ধন্যবাদ জনায়।