Local, Vocal, Global

PM Modi’s itinerary during two-day Assam visit : প্ৰধানমন্ত্ৰীৰ যোৰহাট ভ্ৰমণক কেন্দ্ৰ কৰি ব্যস্ত চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসন

নিউজ ডেস্ক, ৫ মাৰ্চ : প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু যোৰহাট । প্ৰধানমন্ত্ৰীৰ যোৰহাট ভ্ৰমণক কেন্দ্ৰ কৰি ব্যস্ত চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসন। প্ৰধানমন্ত্ৰীৰ আগমণৰ বাবে ইতিমধ্যে যোৰহাট জিলা প্ৰশাসনে বুক কৰিছে যোৰহাটৰ সকলো হোটেল , ৰিজ’ৰ্ট , ল’জ তথা গেষ্টহাউছ(PM Modi’s itinerary during two-day Assam visit)।

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে যোৰহাটলৈ আগমন ঘটিব ৰাজ্যৰ প্ৰায় সকলো মন্ত্ৰী,সাংসদৰ। এই বিশাল আয়োজনৰ তদাৰক কৰিবলৈ তথা চৰকাৰী কাৰ্যসূচীসমূহৰ বাবে যোৰহাটলৈ আহিব বহু শীৰ্ষ আমোলা তথা আৰক্ষী বিষয়া।

জানিব পৰা মতে,প্ৰধানমন্ত্ৰীক আগমনক লৈ প্ৰায় ৮ শ কোঠা ইতিমধ্যে বুক কৰিছে যোৰহাট জিলা প্ৰশাসনে। ৭ মাৰ্চৰ পৰা ১০ মাৰ্চলৈকে বুক কৰা হৈছে অধিকাংশ হোটেলৰে কোঠাসমূহ।

উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নৈশযাপন কৰিব লগা যোৰহাট আৱৰ্ত্ত ভৱনৰ বহু কোঠা নতুনকৈ নিৰ্মাণ কৰা হৈছে।প্ৰধানমন্ত্ৰীৰ বাবে নতুন ৰূপত নিৰ্মাণ কৰি থকা হৈছে আৱৰ্ত্ত ভৱনৰ বিশেষ কোঠা ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৮ মাৰ্চত যোৰহাটৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে কাজিৰঙালৈ যাব(Prime Minister Narendra Modi to stay at Kaziranga) ।৮ মাৰ্চত কাজিৰঙাত থকাৰ বিপৰীতে ৯ মাৰ্চত যোৰহাট আৱৰ্ত্ত ভৱনত প্ৰধানমন্ত্ৰীগৰাকীয়ে নৈশ যাপন কৰাৰ কথা আছিল যদিও শেহতীয়া খবৰ অনুসৰি প্ৰধানমন্ত্ৰীৰ অতি ব্যস্ততাপূৰ্ণ কাৰ্যসূচী অনুসৰি যোৰহাটৰ অনুষ্ঠানৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যাত্ৰা কৰিব পশ্চিমবংগলৈ।

লগতে পঢ়ক : One Indian killed, two injured in anti-tank missile attack in Israel : ইজৰাইলৰ উত্তৰ অংশত টেংক বিধ্বংসী ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত ভাৰতী